• গোমাংস ভক্ষণ কৰিছিল নেকি কংগনা ৰানাৱটে! কি ক’লে বিজেপিৰ তাৰকা প্ৰাৰ্থীগৰাকীয়ে?

    মনোৰঞ্জন
    গোমাংস ভক্ষণ কৰিছিল নেকি কংগনা ৰানাৱটে! কি ক’লে বিজেপিৰ তাৰকা প্ৰাৰ্থীগৰাকীয়ে?
    ডিজিটেল ডেস্কঃ তেওঁ কেতিয়াও গো-মাংস নাখায়। হিমাচল প্ৰদেশৰ মাণ্ডী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অভিনেত্ৰী কংগনা ৰানাৱটে দাবী কৰে যে সকলো অভিযোগ ‘ভিত্তিহীন’ আৰু ‘উৰাবাতৰি’। 

    কংগ্ৰেছ নেতা বিজয় ৱাদেত্তিৱাৰে ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰে। দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিৰোধী দলপতি বিজয়ে অভিযোগ কৰে যে কংগনাই পূৰ্বেও কৈছিল যে তেওঁ গো-মাংস খায়। ইয়াৰ পিছতো তেওঁক বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে মনোনীত কৰিছে।

    সোমবাৰে কংগনা এক্সে (এক্স টুইটাৰ) লিখিছে, ‘মই গো-মাংস বা কোনো ৰঙা মাংস নাখাওঁ। মোৰ বিষয়ে কিছুমান ভিত্তিহীন উৰাবাতৰি বিয়পি পৰিছে, যিটো লজ্জাজনক। দশকৰ পিছত দশক মই যোগীৰ দৰে জীয়াই আহিছো। আয়ুৰ্বেদত বিশ্বাস কৰো। এই সকলোবোৰ কৌশলে মোৰ ভাবমূৰ্তি নষ্ট নকৰে। মোৰ মানুহে মোক চিনি পায় আৰু তেওঁলোকে জানে যে মই এজন গৌৰৱান্বিত হিন্দু।''