comScore
  • তিনি সন্তানৰ মাতৃ কণিকা কাপুৰৰ দ্বিতীয় বিবাহ! ক'লে-‘‘ভগৱানে মোৰ জীৱনটো পুনৰ আৰম্ভ কৰিবলৈ শক্তি দিলে’’

    মনোৰঞ্জন
    তিনি সন্তানৰ মাতৃ কণিকা কাপুৰৰ দ্বিতীয় বিবাহ! ক'লে-‘‘ভগৱানে মোৰ জীৱনটো পুনৰ আৰম্ভ কৰিবলৈ শক্তি দিলে’’
    ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কণিকা কাপুৰৰ(Kanika Kapoor) দ্বিতীয় বিবাহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ২০ মে'ত লণ্ডনস্থিত ব্যৱসায়ী গৌতম হাথিৰমণিৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ‘বেবী ড’ল’ খ্যাত কণ্ঠশিল্পী কণিকা কাপুৰ। লণ্ডনত অনুষ্ঠিত হোৱা গৌতম আৰু কণিকাৰ বিয়াৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু সকলোৱে তেওঁলোকৰ বৈবাহিক জীৱন সুখৰ হ’বলৈ শুভকামনা জনাইছে।
     

    বৰ্তমান ৪৩ বছৰীয়া কণিকাই মাত্ৰ ১৮ বছৰ বয়সতে জীৱনৰ প্ৰথম বিবাহ সম্পন্ন কৰিছিল। তেওঁৰ প্ৰথম স্বামীৰ নাম আছিল ৰাজ চান্দক। বিয়াৰ পাছত কণিকা আৰু ৰাজ চান্দক লণ্ডনলৈ স্থানান্তৰিত হয়। 



    তিনি সন্তানৰ সৈতে কণিকা

    ৰাজ আৰু কণিকাৰ আয়ানা, ছামাৰা আৰু যুৱৰাজ নামেৰে তিনিটা সন্তান আছে। ২০১২ চনত ৰাজ আৰু কণিকাৰ বিবাহ বিচ্ছেদ ঘটে। ইয়াৰ পাছত ছিংগল মাদাৰ হৈ সন্তান তিনিটাৰ দায়িত্ব লয় কণিকা কাপুৰে।

     

    প্ৰথম স্বামী ৰাজ চন্দকৰ সৈতে কণিকা কাপুৰ

    কণিকা কাপুৰে কয় যে ‘‘মই কৃতজ্ঞ যে ভগৱানে মোক পৰাৰ পৰা উঠিবলৈ, অকলশৰীয়া মাতৃ হ’বলৈ আৰু মানুহে মোৰ ওপৰত শিলগুটি নিক্ষেপ কৰাৰ সময়ত মোৰ জীৱনটো পুনৰ আৰম্ভ কৰিবলৈ শক্তি দিলে।’’ উল্লেখ্য তেওঁৰ জীৱনলৈ এনেকুৱা সময়ো আহিছিল যেতিয়া আত্মহত্যা কৰাৰ কথা তেওঁৰ মনলৈ আহিছিল। সেইসময়ত কণিকাৰ সময়বোৰ দ্বিধাবোধ, আতংক আৰু ভয়ৰে ভৰি পৰিছিল। কিন্তু কিবা নহয় কিবা প্ৰকাৰে কণিকাই নিজকে চম্ভালি লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিছিল। 



    তেনে সময়তে পুনৰ কণিকাই গৌতম হাথিৰমণিৰ মাজত জীৱনৰ ৰং বিচাৰি পায়। জানিব পৰা মতে দুয়োজনে এবছৰ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰি আছিল আৰু তাৰপাছতেই বিয়াৰ সিদ্ধান্ত লৈছিল। বিবাহ বিচ্ছেদৰ ১০ বছৰৰ পাছত পুনৰ গৌতমৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।



    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388