comScore
  • এইগৰাকী বিখ্যাত অভিনেত্ৰীক বিয়া পাতিব বিচাৰিছিল কৰণ জোহৰে! পাছে এতিয়া তেওঁ বিখ্যাত অভিনেতাৰ পত্নীহে

    মনোৰঞ্জন
    এইগৰাকী বিখ্যাত অভিনেত্ৰীক বিয়া পাতিব বিচাৰিছিল কৰণ জোহৰে! পাছে এতিয়া তেওঁ বিখ্যাত অভিনেতাৰ পত্নীহে
    ডিজিটেল ডেস্কঃ বলীউড উদ্যোগৰ সুপৰিচিত প্ৰযোজক তথা পৰিচালক কৰণ জোহৰৰ জনপ্ৰিয় চেট শ্ব’ ‘কফি উইথ কৰণ’ প্ৰায়ে চৰ্চাত থাকে। মাল্টিষ্টাৰ ছবি আৰু ৰোমান্টিক প্ৰেম কাহিনীৰ বাবে পৰিচিত কৰণৰ জীৱন সকলো দিশতে ৰঙীন। কিন্তু তেওঁৰ জীৱনৰ এনে এটা অংশ আছে, যিটো এতিয়াও ৰংহীন। সততে ৰঙীন প্ৰেম কাহিনী ডাঙৰ পৰ্দালৈ অনা কৰণ এতিয়াও অবিবাহিত।ছাৰ’গেছি পদ্ধতিৰে তেওঁ দুই সন্তানৰ পিতৃ হৈছে।। নিজৰ পেছাদাৰী জীৱনৰ কথা কোৱা কৰণে শেহতীয়াকৈ নিজৰ শ্ব’ত নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে মুকলিকৈ কয়। কেৱল এয়াই নহয়, কৰণে আনকি কোনগৰাকী অভিনেত্ৰীক ভাল পায় আৰু বিয়া পাতিব বিচাৰিছিল সেই কথাও ক’লে। সেই অভিনেত্ৰীগৰাকী কোন জানো আহক।

    নিজৰ জীৱনৰ বিষয়ে মুকলিকৈ নকয় কৰণে। শেহতীয়াকৈ তেওঁৰ ক্ৰাছ কোন আছিল সেই বিষয়ে মুকলিকৈ কয়। কৰণৰ জীৱনৰ এটা সময় আছিল, যি সময়ত বলীউডৰ এগৰাকী বিখ্যাত অভিনেত্ৰী তেওঁৰ হৃদস্পন্দন আছিল। কিন্তু এতিয়া সেই অভিনেত্ৰীগৰাকী এজন ডাঙৰ তাৰকা অভিনেতাৰ পত্নী।

    অভিনেত্ৰীগৰাকী আন কোনো নহয়..তেওঁ হৈছে কৰীণা কাপুৰ। কৰণে কৈছিল যে তেওঁ তেওঁৰ বেষ্ট ফ্ৰেণ্ড কৰীণা কাপুৰক তেওঁৰ জীৱন সংগী কৰিব বিচাৰিছিল। কৰণ জোহৰ আৰু কৰীণা কাপুৰ খান অতিকে ভাল বন্ধু। পাছে মনৰ আশা পূৰণ নহ'ল কৰণ জোহৰৰ। বৰ্তমান কৰীণা ছেইফ আলী খানৰ পত্নী।

    ইয়াৰ পাছতে কৰণে তেওঁৰ লগত কৰীণাৰ কাজিয়াৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে, ‘‘মোৰ আৰু কৰীণাৰ মাজত কথা-বতৰা বহুদিনলৈকে বন্ধ হৈ গৈছিল। কাৰণ কৰীণাই ‘কাল হ না হ’ৰ বাবে বহুত ফিজ বিচাৰিছিল। শ্বাহৰুখ খানক যি ফিজ দিয়া হৈছিল, সেইখিনি ফিজ কৰীণাই মোক বিচাৰিছিল আৰু মই নাকচ কৰিছিলোঁ। প্ৰায় এবছৰ ধৰি আমি ইজনে সিজনৰ লগত কথা নাপাতিলোঁ। কিন্তু এতিয়াও তেওঁ মোৰ ভাল বন্ধু।’’ 











    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388