• কেবিচি ১৪ৰ হট ছিটত হঠাতে বহিল দেখাত সাইলাখ অভিনেতা কাৰ্তিক আৰিয়ানৰ দৰে লগা যুৱক! চমকি উঠিল অমিতাভ বচ্চন

    মনোৰঞ্জন
    কেবিচি ১৪ৰ হট ছিটত হঠাতে বহিল দেখাত সাইলাখ অভিনেতা কাৰ্তিক আৰিয়ানৰ দৰে লগা যুৱক! চমকি উঠিল অমিতাভ বচ্চন
    ডিজিটেল ডেস্কঃকৌন বনেগা কৰোড়পতি ১৪ ৰ হট ছিটত হঠাতে আহিল বহিল বলীউডৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়ান। মূৰ তুলি চাই সন্মুখত অভিনেতা কাৰ্তিকক দেখি হতবাক হৈ পৰিল অনুষ্ঠানটো পৰিচালনা কৰা বিগ বি অমিতাভ বচ্চন। অভিনেতাজনকতো অনুষ্ঠানলৈ মতা হোৱা নাছিল, তেন্তে তেওঁ কিয় আহিল! কিন্তু কিছু সময় পিছতে ভুল ভাগিল বিগ বিৰ।

    দেখাত অভিনেতা কাৰ্তিকৰ দৰে হ’লেও হট ছিটত আহি বহা প্ৰতিযোগী গৰাকীৰ নাম দৰাচলতে বৈভৱ ৰেখিহে। বৈভৱ ৰেখিৰ সৈতে শ্বুট কৰা খণ্ডটোৰ  এটা প্ৰমো ভিডিঅ' যথেষ্ট ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত, অমিতাভক কাৰ্তিক আৰিয়ান সম্পৰ্কীয় এটা প্ৰশ্ন বৈভৱক সোধা দেখা গৈছে।

    অমিতাভ বচ্চনৰ গেম শ্ব' কৌন বনেগা কৰোড়পতিৰ নতুন ছিজনত  একাধিক প্ৰতিযোগী উপস্থিত হৈছে। যাৰ বিষয়ে মেগাষ্টাৰজনেও জানি আচৰিত হৈছে। চতুৰ্দশ চিজনৰ শেহতীয়া খণ্ডটোত, এইবাৰ কাৰ্তিক আৰিয়ানৰ দৰে দেখাত বৈভৱক হট ছিটত বহি থকা দেখা যাব। 

    ভিডিঅ'টোত বৈভৱক কাৰ্তিক আৰিয়ানৰ দৰেই  দেখা গৈছে।বৈভৱক অমিতাভে বৈভৱক সুধিছিল কাৰ্তিক আৰিয়ানক  বহু মহিলাই অনুসৰণ কৰে, আৰু আপোনাৰ ক্ষেত্ৰতো তেনে হৈছেনে? এই সন্দৰ্ভত বৈভৱে কয় যে তেওঁৰ অনুৰাগীৰ সংখ্যাও কম নহয়।  কিন্তু তেওঁৰ লক্ষ্য ইতিমধ্যে পূৰণ  হৈ গৈছে। এইকথা শুনি তাত উপস্থিত লোকসকলে হাঁহি থকা দেখা গৈছে।

    এই প্ৰমো ভিডিঅ'টো চনি টিভিৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা মুকলি কৰা হৈছে। ভিডিঅ’টোৰ শিৰোনাম এনেদৰে  দিয়া হৈছে, 'আমি প্ৰাৰ্থনা কৰোঁ যাতে আপুনি সোনকালে সাত সাগৰ পাৰ হ’ব পাৰে আৰু আপোনাৰ লক্ষ্য প্ৰাপ্ত কৰিব পাৰে। '