বৰ্তমান অসমৰ সামাজিক মাধ্যম তথা ইউটিউব(Youtube)ত খলকনি সৃষ্টি কৰা এক নাম "কলংপাৰ"। কি এই কলংপাৰ? এই প্ৰশ্ন এতিয়া বহুতৰে মনত। কলংপাৰক লৈ চলিছে চৰ্চা। প্ৰচাৰ হৈছে কলংপাৰৰ পোষ্টাৰ, ৰীল আৰু ভিডিঅ'। কিন্তু কি এই কলংপাৰ? নগাঁৱৰ কলং নদীৰ কথা কোৱা হৈছেনে?
নগাঁৱৰ পটভূমিত নিৰ্মিত যোৱা ২৮ আগষ্টত সদ্য মুক্তি প্ৰাপ্ত "কলংপাৰ" এখন ৱেব চিৰিজ (web series)। ৱেব চিৰিজ মানে ধৰি লওক ধাৰাবাহিক, কিন্তু দূৰদৰ্শনত সম্প্ৰচাৰিত ধাৰাবাহিকতকৈ বহুগুণে চুটি। ধৰি লওক ৱেব চিৰিজ মানে এখন পূৰ্ণদৈৰ্ঘ্যৰ চলচিত্ৰতকৈ দুগুণ বা তাতোকৈ কিছু দীঘল চলচিত্ৰ এখনৰে এক ধাৰাবাহিক ৰূপ, আৰু যিহেতু ইণ্টাৰনেটৰ মাধ্যমত মুক্তি দিয়া হৈছে, সেয়ে কোৱা হৈছে ৱেব চিৰিজ। "কলংপাৰ"ৰ ট্ৰেইলাৰ (trailer) ৰ মুক্তিৰ দুসপ্তাহৰ ভিতৰতে ইউটিউবত সেইটো ভিডিঅ' দুটাকৈ ইউটিউব চেনেলত সন্মিলিত ১০৯ হাজাৰবাৰ, অৰ্থাৎ প্ৰায় এক লাখতকৈ বেছি বাৰ দৰ্শকে চাইছে। ইতিমধ্যে প্ৰকাশিত এক তথ্যত এই কথা জানিব পৰা গৈছে যে এইখন ৱেবচিৰিজৰ চৰ্চা কেৱল অসমতেই হোৱা নাই, ভাৰতৰ বিভিন্ন প্ৰান্তত "কলংপাৰ" চাবলৈ অপেক্ষা কৰি ৰোৱা সক্ৰিয় দৰ্শক ( active user) প্ৰত্যেক দিনাই বৃদ্ধি পাইছে।
এনে তথ্য আগতে কোনো চিনেমা বা এনে ৱেবচিৰিজৰ ক্ষেত্ৰত পোৱাটো সম্ভৱ নাছিল যদিও, বৰ্তমান প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ ফলত ইয়ো সম্ভৱ হৈ পৰিছে। লগতে খুব সুন্দৰ উপস্থাপন আৰু নৱতম কৌশলৰ প্ৰয়োগেৰে ৱেবচিৰিজখনৰ প্ৰচাৰ চলোৱা হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে আৰু ইউটিউবৰ মাধ্যমত চলোৱা এনে প্ৰচাৰমূলক ভিডিঅ' (promotional video) সমূহৰ জৰিয়তেও দৰ্শকে লাভ কৰিছে সৃষ্টিমুখী চিন্তাধাৰাৰে নিৰ্মিত আৰু কুশলী অভিনয়ৰে পুষ্ট কেইবাটাও সুন্দৰ ভিডিঅ'। এনে ব্যতিক্ৰমধৰ্মী প্ৰচাৰ অভিযান কেৱল অসমতেই নহয়, হিন্দী চিনেমা জগততো কিজানি আগতে হোৱা নাছিল। "কলংপাৰ"ক লৈ দৰ্শক আশাবাদী হোৱাৰ ইয়ো এক অন্যতম কাৰণ।
"কলংপাৰ"ৰ লগত জড়িত সমগ্ৰ দলটোৱেই যথেষ্ট কুশলী। বেৱচিৰিজখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বর্তমান অসমৰ এজন অতিশয় প্ৰতিভাশালী উদীয়মান অভিনেতা তথা নিজ কেৰিয়াৰৰ প্ৰথমখন চলচিত্ৰ "একলব্য"ৰ বাবে ২০২১ বৰ্ষৰ 'প্রাগ চিনে এৱার্ড'ৰ শ্রেষ্ঠ জনপ্রিয় অভিনেতাৰ বঁটা বিজয়ী কমল লোচন ডেকা আৰু অসমৰ এগৰাকী অভিনেত্ৰী ২০০৮ বৰ্ষৰ "মিছ নর্থ ইষ্ট" খিতাপ বিজেতা স্তুতি চৌধুৰীয়ে। "কলংপাৰ"ৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা মৃন্ময় শইকীয়াৰ। পৰিচালনা আৰু চিত্ৰনাট্যৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত আন কেইজন বিশেষ ব্যক্তি হ'ল- সপ্তৰ্ষি গগৈ, অজিত গিৰি, আকাশদ্বীপ আৰু ৰক্তিম কমল বৰুৱা।
পৰিচালক মৃন্ময় শইকীয়াৰ অভিনয় প্রতিভাৰো উমান দৰ্শকে লাভ কৰিছিল সদ্যহতে অতি জনপ্রিয় হৈ উঠা ইউটিউবৰ আন এখন ৱেবচিৰিজ "ক্রিটিকেল কাপল (Kritikal Kouple)ত। 'ৰূপক দা' ৰূপে খ্যাত সেই চৰিত্রত কৰা সাৱলীল অভিনয়ে দর্শকক বাৰুকৈয়ে আপ্লুত কৰিছিল আৰু দি গৈছিল এক ভিন্ন স্বাদ। মৃন্ময় শইকীয়াৰ পৰিচালিত প্ৰথমখন চলচিত্ৰ আছিল "জীৱনৰ সন্ধানত”, যিখনত অভিনয় কৰিছিল অসমৰ তিনি গৰাকীকৈ প্রসিদ্ধ অভিনেত্রী- মৃদুলা বৰুৱা, মলয়া গোস্বামী আৰু মাধুৰীমা চৌধুৰীয়ে।
এইখিনিতে উল্লেখযোগ্য যে নৱ প্রজন্মৰ মাজত বাৰুকৈয়ে জনপ্রিয় হৈ পৰা হাস্যৰস সমৃদ্ধ অথচ কিছুমান সামাজিক তথা ব্যক্তিগত দিশৰ সংবেদনশীল বিষয়বস্তুৰ মননশীল উপস্থাপন "ক্রিটিকেল কাপল"(kritikal kouple) ৰো নেপথ্যৰ ব্যক্তি কেইজন আছিল মৃন্ময় শইকীয়া, সপ্তৰ্ষি গগৈ, অজিত গিৰি আৰু আকাশদ্বীপেই। উল্লেখনীয় যে সপ্তৰ্ষি গগৈয়েই ৰূপদান কৰিছে "ক্রিটিকেল কাপল"ৰ আন এক জনপ্ৰিয় চৰিত্ৰ 'দ্বিজেন কাই'ৰ চৰিত্ৰটো, য'ত দেখিবলৈ পোৱা গৈছিল হাস্যৰসৰ এক ভিন্ন স্বাদ।
এখন চিনেমাৰ মুখ্য প্রাণস্বৰূপ হৈছে চিনেমেট'গ্রাফী। প্রতিটো শ্বটৰ কল্পনা আৰু ইয়াক বাস্তৱায়িত কৰাৰ দায়িত্বত থাকে চিনেমেট'গ্ৰাফাৰ বা ডাইৰেক্টৰ অব ফটোগ্রাফী (DOP) জন। "কলংপাৰ"ৰ চিনেমেট'গ্রাফীৰ দায়িত্বত আছে লণ্ডন ফিল্ম একাডেমীৰ ছাত্ৰ তথা "চিজৌ", "একলব্য"ৰ দৰে চলচিত্রৰ দৃশ্যগ্ৰহণৰ বাবে ভূয়সী প্রসংশা লাভ কৰিবলৈ সক্ষম হোৱা আশুতোষ কাশ্যপ। অতি সাম্প্ৰতিকভাৱে আশুতোষ কাশ্যপৰ ফটোগ্রাফীয়ে "নেশ্যনেল জিঅ'গ্রাফিক"ৰ দৰে সন্মানীয় প্রতিষ্ঠানৰ ৱেবছাইটত স্থান লাভ কৰিছে। আশুতোষ কাশ্যপ অসমৰ ছবিজগতৰ বাবে এক উজ্জ্বল নক্ষত্ৰ।
"কলংপাৰ"ৰ কাহিনী অসমৰ এক জ্বলন্ত সমস্যাৰূপে পৰিগণিত হোৱা ড্রাগছ আসক্তি তথা ড্রাগছ ব্যৱসায়ৰ ওপৰত আধাৰিত। এজন প্রতিভাৱান পৰিচালক হিচাপে মৃন্ময় শইকীয়াৰ পৰা দর্শকে আশা কৰিছে এই ড্রাগছৰ দৰে গুৰুত্বপূর্ণ বিষয়টোৰো এক সুন্দৰ উপস্থাপন। কাহিনীকাৰ হিচাপে প্রতিটো চৰিত্রকে বিকাশ(develop) কৰাৰ যি প্রয়োজনীয়তা তাক এশ শতাংশই পূৰণ কৰাত পৰিচালক সফল হোৱাৰ এক পূর্বানুমান ইতিমধ্যেই ট্রেইলাৰ আৰু প্রচাৰ ভিডিঅ' জৰিয়তে দৰ্শকে লাভ কৰিবলৈ সক্ষম হৈছে।
অসমীয়া চলচিত্র উদ্যোগটো এক উচ্চ প্রতিষ্ঠিত উদ্যোগ হিচাপে গঢ় লোৱাত গুণগত, মননশীল আৰু দৰ্শকৰ কাষ চাপিব পৰা অভিনয় তথা চিনেমা/ ৱেবচিৰিজ/ চুটিছবি সমূহৰ গুৰুত্ব অপৰিসীম। "ৰত্নাকৰ", "কাঞ্চনজংঘা"ৰ দৰে চলচিত্ৰৰ সফলতাই কঢ়িয়াই অনা আশাৰ বাৰ্তা কভিদ-১৯ৰ আগমণত পুনৰ স্তিমিত হোৱাৰ উপক্ৰম হোৱাৰ পৰতে, বৰ্তমান যোৱা দুই-এবছৰ ধৰি অসমীয়া অভিনয় উদ্যোগটো এক নতুন ফৰমেটত গঢ় লৈ উঠা পৰিলক্ষিত হৈছে। "কলংপাৰ"ৰ ট্রেইলাৰত অহা ইতিবাছক সঁহাৰিৰ জোৱাৰ এইক্ষেত্ৰত এক আশাৰ খবৰ।
এইখিনিতে আন এক দিশ উনুকিয়াব খুজিছো। "কলংপাৰ"ৰ ট্ৰেইলাৰৰ প্ৰতিক্ৰিয়াস্বৰূপে কিছু সংখ্যক দৰ্শকে মন্তব্য(comment) প্রকাশ কৰিছে- সেয়া হ'ল গালি-গালাজ যুক্ত শব্দৰ ব্যৱহাৰ। ই নিশ্চয় এক গুৰুত্বপূর্ণ দিশ, কিয়নো সমাজত এক সুস্থ বাতাবৰণ সৃষ্টিত কলাৰ ভূমিকা নিঃসন্দেহে এক বিচার্য বিষয়। লগতে আন এটা কথাও সমানে গুৰুত্বপূর্ণ - যিটো হ'ল, চৰিত্রৰ সামাজিক-অর্থনৈতিক শ্রেণীৰ ভিত্তিত সংলাপ হ'লেহে দৰ্শকে কাহিনীৰ লগত একাত্ম অনুভৱ কৰে। কাহিনীৰ দাবীত চৰিত্ৰৰ সামাজিক-অর্থনৈতিক স্থিতি অনুযায়ী কথিত ভাষাৰ প্রয়োগ নকৰি, লিখিত ভাষা বা মান্য ভাষাৰ প্রয়োগে গোটেই কাৰ্যটো খাপচৰা কৰাৰ লগতে দর্শকৰ অভিজ্ঞতাতো এক বিৰূপ প্রভাৱ পেলায়। গতিকে দৰ্শকে এক ইতিবাচক পূর্বানুমানেৰে "কলংপাৰ" উপভোগ কৰক। বিচাৰ দৰ্শকৰ হাতত!
কলা আৰু সাহিত্য সমাজৰ দাপোণ স্বৰূপ। "কলংপাৰে এই ক্ষেত্ৰত এখন বাস্তৱধৰ্মী ছবি ডাঙি ধৰাৰ লগতে এক সজাগতামূলক বাৰ্তা সমাজলৈ আগবঢ়াইছে। সেয়া নিঃসন্দেহে প্ৰসংশনীয়। বাস্তৱ সত্য বহুক্ষেত্ৰত কুৎসিত, তাৰো প্ৰতিফলন দেখা গৈছে "কলংপাৰ"ত। "কলংপাৰ"ৰ আৱহ সংগীত (background music) খুব সুন্দৰ। ইতিমধ্যে জনপ্ৰিয় হৈ পৰা theme music 'what happened in Kolongpar' ৰ ৰচনা
জয় আদিত্যৰ আৰু গীটাৰত আছে ৰবি দত্ত। আন আন গীতৰ ৰচনা আৰু কণ্ঠদান কৰিছে জয় আদিত্যৰ লগতে বিশ্ৰুত শইকীয়া আৰু মিনিমিৰ দৰে অসমৰ প্ৰতিভাৱান উদীয়মান শিল্পীয়ে।
"কলংপাৰ" ৱেবচিৰিজখনে মুক্তি লাভ কৰিছে CND play নামৰ app ৰ জৰিয়তে। ই হৈছে Netflix, Amazon prime ৰ দৰে চিনেমাগৃহৰ বিকল্ম মাধ্যম OTT Platform, যাৰ ফলত দর্শকে নিজৰ মোবাইলতে এইখন উপভাগ কৰিব পাৰিব। মাথো google play store ত CNDPlay নামৰ app টো ডাউনলোড কৰি মাত্র 39 টকাৰ একোটা টিকটেৰে ৱেব চিৰিজটোৰ আটাইকেইটা খণ্ড উপভাগ কৰি দৰ্শকে নিজৰ সুবিধাৰ সময়মতে মনোৰঞ্জন লাভ কৰিব পাৰে।
তাৰোপৰি ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি কোৱা কথাষাৰৰ দৰে অসমীয়া ৰাইজে সহাঁৰি জনালে কলা- কুশলীসকল উপকৃত হয়, উৎসাহ বৃদ্ধি হয়, আৰু নতুন কাম ন-উদ্যমেৰে কৰিবলৈ উদ্গণি পায়। অভিনয়, সংগীত, সংলাপ সকলো দিশেৰে গুণগত মানদণ্ডৰ মাপকাঠি বহু উচ্চতাত প্ৰতিস্থাপিত কৰা এই বলিষ্ঠ প্ৰয়াস "কলংপাৰে" যে ইতিহাস সৃষ্টি কৰিব, ই ধূৰূপ ! লগতে কি ঠিক এচাম ড্ৰাগচৰ নিচাসক্ত বিপথে পৰিচালিত যুৱ প্ৰজন্মই তেওঁলোকৰ ভাষাৰেই তেওঁলোকৰ লগত কথা হ'লে কিজানি শুধৰণিৰ বাট বোলেই ! সম্ভাৱনাবোৰ অপৰিসীম !
লেখিকাঃ কংকনা শৰ্মা, যোৰহাট
Leave A Comment