• পৰিয়ালে মুম্বাইলৈ পঠাইছিল ইঞ্জিনীয়াৰ হ’বলৈ! ভাগ্যই অভিনেতা ৰূপে গঢ়িলে কাৰ্তিক আৰিয়ানক

    মনোৰঞ্জন
    পৰিয়ালে মুম্বাইলৈ পঠাইছিল ইঞ্জিনীয়াৰ হ’বলৈ! ভাগ্যই অভিনেতা ৰূপে গঢ়িলে কাৰ্তিক আৰিয়ানক
    ডিজিটেল ডেস্কঃ ‘ভুল ভুলাইয়া-২’ৰ জৰিয়তে মুকলিকৈ দৰ্শকক মনোৰঞ্জন দিয়া বলীউড অভিনেতা কাৰ্তিক আৰিয়ানে আজি ৩২ সংখ্যক জন্মদিনৰ আনন্দ উপভোগ কৰিছে। বহু ডাঙৰ তাৰকাৰ ছবিয়ে বক্স অফিচত মুখ থেকেচা খোৱাৰ পাছত এইবাৰ কাৰ্তিক আৰিয়ানৰ ‘ভুল ভুলাইয়া-২’ ছবিয়ে চৰ্চাৰ সৃষ্টি কৰিছিল। 
    Even Kartik Aaryan Does Not Know His Bank Balance Mummy Ko Pata Hai Sach  Bol Raha Hu
    কাৰ্তিক আৰিয়ানৰ অভিনয়ৰ এক আকৰ্ষণ আছে আৰু হয়তো এই কাৰণেই তেওঁ আজি অভিনেতা হিচাপে চলচ্চিত্ৰ জগতত আসন দখল কৰিব পাৰিছে। অৱশ্যে তেওঁৰ পৰিয়ালে কাৰ্তিকক বেলেগ এটা ৰূপতহে চাব বিচাৰিছিল। কাৰ্তিকৰ জন্মদিন উপলক্ষে জানো আহক তেওঁৰ পৰিয়ালে তেওঁক কি ৰূপত চাব বিচাৰিছিল।
    KARTIK AARYAN (@kartikaaryan) • Instagram photos and videos
    কাৰ্তিক আৰিয়ান পঢ়া-শুনাত বহুত ভাল আছিল আৰু এই কাৰণেই তেওঁৰ পৰিয়ালে কাৰ্তিক ইঞ্জিনীয়াৰ হোৱাটো বিচাৰিছিল। ইয়াৰ বাবেই তেওঁৰ পৰিয়ালে তেওঁক ইঞ্জিনিয়াৰিং কৰিবলৈ মুম্বাইলৈ পঠিয়াইছিল যদিও ভিতৰি ভিতৰি কাৰ্তিকে অভিনেতা হোৱাৰ বাবেহে মন বান্ধিছিল। মধ্য প্ৰদেশৰ গোৱালিয়ৰ পৰা মুম্বাইত ভৰি থৈছিলহি কাৰ্তিকে। পঢ়া-শুনাৰ লগতে তেওঁ ষ্টুডিঅ’বোৰত ঘূৰি ফুৰিছিল, হয়তো কিছু কাম পাব পাৰে বুলি তাৰে আশাত।
    Kartik Aryan hints shoot commencement for Satya Prem Ki Katha- Cinema  express
    কাৰ্তিক আৰিয়ানৰ এই কঠোৰ পৰিশ্ৰম আৰু মনোবলৰ ফলত ২০১১ চনত ‘প্যাৰ কা পাঞ্চনামা’ ছবিত তেওঁ কাম কৰাৰ সুযোগ লাভ কৰিছিল। এই ছবিখনে সফলতা লাভ কৰিছিল। এই ছবিখন কৰাৰ পাছত কাৰ্তিকে আৰু কেতিয়াও পিছলৈ ঘূৰি নাচালে। ইয়াৰ পিছত তেওঁ নিজৰ কেৰিয়াৰত ‘লাভ আজ কাল ২’, ‘পতি পাটনি ঔৰ ৱহ’, ‘ধামাকা’ আৰু ‘ভুল ভুলাইয়া-২’ আদি ছবিত কাম কৰিছে। বৰ্তমান তেওঁ ছবিৰ কামত ভীষণ ব্যস্ত।