• 'লোকেল উৎপাত'ৰ ধুমুহা ৰাজ্যত; স্পৰ্শ ১ কোটিৰ ক্লাব

    মনোৰঞ্জন
    'লোকেল উৎপাত'ৰ ধুমুহা ৰাজ্যত; স্পৰ্শ ১ কোটিৰ ক্লাব
    ডিজিটেল ডেস্ক : অসমীয়া ছবিৰ সফলতাৰ যাত্ৰা৷ কমেডি ছবি 'লোকেল উৎপাতে' এতিয়া উৎপাত লগাইছে অসমৰ ছবিঘৰত। একেৰাহে তিনি সপ্তাহে নিজৰ জনপ্ৰিয়তা ধৰি ৰাখিবলৈ সক্ষম হৈছে ছবিখনে। এই তিনি সপ্তাহৰ সময়ছোৱাত ১ কোটিৰ ক্লাবত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ছবিখনে৷ ১৩ মে'ত মুক্তি লাভ কৰা প্ৰায় দুঘণ্টা দৈৰ্ঘ্যৰ এই ছবিখন পৰিচালনা হৈছে কেনী বসুমতাৰী।

    অসমৰ ৩৫টা ছবিগৃহত মুক্তি লাভ কৰা ছবিখনৰ বক্স অফিচ কালেকচনে অলপতে ১ কোটিৰ ঘৰ স্পৰ্শ কৰে।  উল্লেখ্য যে, বক্স অফিচত সফলতা লাভ কৰাৰ পাছত এতিয়া লোকেল উৎপাত চলচ্চিত্ৰখন অসমৰ ভিতৰুৱা অঞ্চলৰ লগতে ৰাজ্যৰ বাহিৰতো ছবিখন মুক্তি দিয়াৰ কথা চিন্তা কৰা হৈছে। দিল্লী, মুম্বাই, কলকাতা, বেংগালুৰুত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে৷

    'লোকেল উৎপাত'ৰ এই সফলতাৰ পাছত বহুতেই ছবিখনৰ লগত জড়িত কলা-কুশলীক শুভেচ্ছা জনায়৷ লগতে দৰ্শকৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে পৰিচালকসহ অভিনেতা কলা-কুশলীসকলে৷