ডিজিটেল ডেস্ক : কেনী বসুমতাৰীৰ পৰিচালনাৰে নিৰ্মাণ হোৱা অসমীয়া কমেডী ছবি ‘লোকেল উৎপাত’-এ প্ৰথম সপ্তাহতে ৰণবীৰ সিং অভিনীত 'জয়েশভাই জোৰদাৰ' আৰু 'ডঃ ষ্ট্ৰেঞ্জত'কৈ অধিক উপাৰ্জন লাভ কৰিবলৈ সক্ষম হৈছে। ‘মিছন চাইনা’, ‘কাঞ্চনজংঘা’ আৰু ‘ৰত্নাকৰ’ৰ পাছতে বক্স অফিচত বিশেষ সফলতা লাভ কৰা শেহতীয়া অসমীয়া ছবিখনে হৈছে 'লোকেল উৎপাত'৷
মিতালী ফিল্মছৰ বিতৰক সুকান্ত পলে এই সুখবৰ
প্ৰকাশ কৰি কয় যে তিনিওখন ছবিৰ ভিতৰত কেনী বসুমতাৰীৰ ‘লোকেল উৎপাত’-এ ১০০%ই শ্ৰেষ্ঠ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। চিনেমাখনৰ প্ৰতি জনসাধাৰণৰ সহাঁৰি ইমানেই বেছি আছিল যে, প্ৰায়বোৰ চিনেমা হ’লতে শ্ব’ বৃদ্ধি কৰিব লগা হৈছে৷ দৰ্শকৰ বিপুল সঁহাৰিৰ মাজেৰে 'লোকেল উৎপাত'-এ চিনেমা হ'লত দ্বিতীয় সপ্তাহত প্ৰৱেশ কৰিছে। ইয়াৰ উপৰি bookmyshow.com ত ছবিখনে ৯৭ শতাংশ ৰেটিং লাভ কৰিছে৷
কেৱল এবাৰেই নহয়, একাধিক দৰ্শকে কেইবাবাৰো এই ছবিখন উপভোগ কৰাৰ কথাও জানিব পৰা গৈছে৷ পৰিচালক কেনী বসুমতাৰীয়ে কয়, ‘আমাৰ ছবিখনক হিট কৰি তোলাৰ বাবে মই অসমবাসীৰ ওচৰত অত্যন্ত কৃতজ্ঞ। আমি ইয়াৰ সফলতাক লৈ আশাবাদী আছিলোঁ, কিন্তু জনসাধাৰণৰ সঁহাৰিয়ে আমাৰ আমাক আশাতীত সাফল্যৰ অধিকাৰী কৰাইছে।’
উল্লেখ্য যে ছবিখনৰ প্ৰথম সপ্তাহত বক্স
অফিচত প্ৰায় ৪০ লাখ টকা সংগ্ৰহ কৰা হৈছে বুলি জানিব পৰা গৈছে৷ এই সফলতাৰ পাছত পৰিচালকগৰাকীয়ে কয় যে, 'আটাইতকৈ ভাল কথাটো হ’ল মোৰ পৰৱৰ্তী প্ৰজেক্টৰ বাবে মই কাৰো কাষ চাপিব নালাগিব টকাৰ বাবে, আৰু মই কাৰো হস্তক্ষেপৰ সন্মুখীন নোহোৱাকৈ ঠিক মই বিচৰাধৰণে নতুন ছবি নিৰ্মাণ কৰিব পাৰিম৷’
অসমত এই ছবিখনে দৰ্শকৰ সমাদৰ লাভ কৰাৰ পাছত বিপুল দাবীৰ অন্তত ২৭ মে’ত দিল্লী, নয়দা, মুম্বাই, খাৰঘৰ, বেংগালুৰু আৰু কলকাতাত এসপ্তাহৰ বাবে 'লোকেল উৎপাত' মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ছবি নিৰ্মাতাসকলে।
Leave A Comment