ডিজিটেল ডেস্কঃ স্বামী প্ৰদীপ খৰেৰাৰ সৈতে বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰিছে জনপ্ৰিয় মাৰাঠী অভিনেত্ৰী মানসী নাইকে। বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ দৰে দেখিবলৈ একে হিচাপে ছ’চিয়েল মিডিয়াত বিখ্যাত অভিনেত্ৰীগৰাকী। তেওঁক সকলোৱে ঐশ্বৰ্য ৰায়ৰ ‘হামচকল’ বুলি কয়। প্ৰথমবাৰৰ বাবে মানসীয়ে সংবাদ মাধ্যমৰ সৈতে কথা পাতিছে তেওঁৰ বিবাহ বিচ্ছেদক লৈ। ছ’চিয়েল মিডিয়াত নাইক আৰু খাৰেৰাই ইজনে সিজনক আনফ’ল’ কৰাৰ লগতে তেওঁলোকৰ যুৰীয়া ছবি ডিলিট কৰাৰ ফলত দুয়োৰে বিচ্ছেদ হোৱাৰ বাতৰি প্ৰকাশ পাইছিল।
ছ’চিয়েল মিডিয়াত ঐশ্বৰ্য ৰায়ৰ লুকলাইক হিচাপে পৰিচিত মানসী। তেওঁৰ ৰিল ভিডিঅ’বোৰ তীব্ৰ গতিত ভাইৰেল হয়। ঐশ্বৰ্যৰ গেটআপত অভিনেত্ৰীগৰাকীক খুব ধুনীয়া দেখা যায়। নিজৰ ভাঙি যোৱা সংসাৰৰ সন্দৰ্ভত মানসীয়ে কয়, "উৰাবাতৰিবোৰ সঁচা, মই মিছা নকওঁ। মই বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছো, এতিয়াও প্ৰক্ৰিয়া চলি আছে আৰু এই মুহূৰ্তত মই অতি আৱেগিক।"
মানসীয়ে কয় যে বিবাহ বিচ্ছেদৰ দৰে কিবা এটাৰ সৈতে তেওঁ ভালদৰে মোকাবিলা কৰিব পৰা নাই। তেওঁ কয়, “কি ভুল হ’ল সেইটো কোৱাটো মোৰ বাবে সঠিক নহ’ব..মাত্ৰ কথাবোৰ ঠিক নহ’ল, আৰু এই সকলোবোৰ অতি সোনকালে আৰু বেছি দ্ৰুতগতিত ঘটিল। মই এতিয়াও প্ৰেমত বিশ্বাস কৰোঁ, আকৌ ভাল পাবলৈ মন যায়। মোৰ নিজা পৰিয়াল এটা হোৱাটো বিচাৰিছিলো, গতিকে বিয়া হৈছিলো, অৱশ্যেই সকলো বহুত বেছি খৰকৈ হৈছিল আৰু মই ভাবো সকলো ভুল হৈ গ'ল। এই বৈবাহিক সম্পৰ্কৰ পৰা ওলাই অহাৰ সময় আহি পৰিছে। মই মোৰ স্বামী প্ৰদীপ খৰেৰাক ভাল পাওঁ, সন্মান কৰো আৰু তেওঁৰ পৰিয়ালকো বহুত ভালপাওঁ কিন্তু এগৰাকী নাৰী হিচাপে মোৰ আত্মসন্মান আছে।"
মানসী নাইকে কয় যে তেওঁ নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰিব বিচাৰে। তেওঁ কয়, " মোৰ পৰিয়াল, মোৰ বন্ধু-বান্ধৱী আৰু মোৰ দৰ্শকে মোক এজন শিল্পী হিচাপে বিশ্বাস কৰি আছে। মই ভাবো মোৰ কেৰিয়াৰত মনোনিৱেশ কৰাৰ সময় আহি পৰিছে। মই সকলোৰে সমৰ্থন বিচাৰো। মই সম্পূৰ্ণ ক্লান্ত অনুভৱ কৰিছো। মই মোৰ সাধ্য অনুসৰি চেষ্টা কৰিলোঁ।"
Leave A Comment