ডিজিটেল ডেস্ক: বলীউডত এনে কেইবাগৰাকীও অভিনেত্ৰী আছে, যিয়ে খুব কম বয়স আৰু কম সময়তে যশ-কীৰ্তি খ্যাতি অৰ্জন কৰাত সফল হৈছে। বলীউদৰ ক’লা-বগা দিনলৈ ঘূৰি চালে দেখা যায় - ১৯৮৫ত এগৰাকী অভিনেত্ৰী আছিল, যিয়ে এখন চলচ্চিত্ৰৰ পৰাই নিশাটোৰ ভিতৰতে এগৰাকী ছুপাৰষ্টাৰত পৰিণত হৈছিল৷ কিন্তু অভিনেত্ৰীগৰাকীয়ে এটা মাত্ৰ ভুল কৰিছিল, যাৰবাবে তেওঁৰ কেৰিয়াৰ চিৰদিনৰ বাবে সমাপ্ত হৈছিল। আমি যিগৰাকী অভিনেত্ৰীৰ কথা কৈ আছোঁ, তেওঁ হৈছে বলীউডত এসময়ত খলকনি তোলা মন্দাকিনী৷
ঘটনাটো এনেধৰণৰ— যেতিয়া বলীউডৰ পৰিচালক তথা অভিনেতা ৰাজ কাপুৰে প্ৰথমবাৰৰ বাবে মন্দাকিনীক দেখিছিল, তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২২ বছৰ। ৰাজ কাপুৰে মন্দাকিনীক দেখাৰ পাছতেই স্থিৰ কৰিছিল যে তেওঁ মন্দাকিনীক তেওঁৰ চলচ্চিত্ৰৰ নায়িকা হিচাপে অভিনয় কৰোৱাব।
ৰাজ কাপুৰে তেতিয়া মন্দাকিনীক তেওঁৰ ছবি ‘ৰাম তেৰি গংগা মাইলি’ৰ নায়িকা কৰি তুলিছিল। ৰাজ কাপুৰেই অভিনেত্ৰীগৰাকীৰ নাম ‘ইয়াচমিন’ৰ পৰা ‘মন্দাকিনী’লৈ সলনি কৰিছিল। ১৯৮৫ত মুক্তি পোৱা ৰাজ কাপুৰৰ ব্লকবাষ্টাৰ ছবি ‘ৰাম তেৰি গংগা মাইলি’ত মন্দাকিনীয়ে ‘গংগা’ৰ চৰিত্ৰত অভিনয় কৰিছিল। মন্দাকিনীয়ে তেওঁৰ সাহসী ব্যক্তিত্বৰ দ্বাৰা সকলোকে স্তম্ভিত কৰি তুলিছিল। ছবিখনৰ জলপ্ৰপাতৰ এটা দৃশ্যই সেই সময়ত যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছিল। ছবিখনে লাভ কৰিছিল কেইবাটাও পুৰস্কাৰো৷
মন্দাকিনী এই ছবিখনৰ পাছতেই নিশাটোৰ ভিতৰতে তাৰকা হৈ পৰিছিল আৰু বহুতো নতুন চলচ্চিত্ৰৰ প্ৰস্তাৱ লাভ কৰিছিল। মন্দাকিনীৰ কেৰিয়াৰ ঠিকেই চলি আছিল কিন্তু আণ্ডাৰৱৰ্ল্ড ডন দাউদ ইব্ৰাহিমৰ সৈতে তেওঁৰ নাম সম্পৰ্কিত হৈ পৰাৰ পাছতেই তেওঁ পথচ্যুত হৈছিল, যদিও মান্দাকিনীয়ে এই দাবী কঠোৰভাৱে অস্বীকাৰ কৰিছিল। সেইটো এটা ভুল আছিল যিটো মন্দাকিনীয়ে কেৰিয়াৰৰ শীৰ্ষাৰোহণ কৰাৰ সময়ত কৰিছিল আৰু সেই ঘটনাই তেওঁৰ সমগ্ৰ কেৰিয়াৰটোৰ ইতি পেলাইছিল৷
বলীউড এৰি যোৱাৰ পাছত মন্দাকিনীয়ে এজন প্ৰাক্তন বৌদ্ধ সন্ন্যাসী ড° কাগয়ুৰ টি ৰিনপোচে ঠাকুৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় আৰু বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে। সম্প্ৰতি এই দম্পতীৰ ৰাব্বিল নামৰ এজন পুত্ৰ আৰু এজনী ৰাবজে ইন্নায়া নামৰ কন্যা আছে।
Leave A Comment