ডিজিটেল ডেস্কঃ বলিষ্ঠ অভিনেতা মনোজ বাজপেয়ীয়ে শেহতীয়াকৈ ব্যক্তিগত জীৱনৰ সৈতে জড়িত এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মনোজে কয় যে তেওঁ প্ৰায় ১৪ বছৰ ধৰি ৰাতিৰ আহাৰ খোৱা নাই। হয় ঠিকেই শুনিছে ১৪ বছৰ আগতে মনোজে ৰাতিৰ আহাৰ খোৱা বাদ দিছিল।
তেওঁৰ কথা শুনি সকলো আচৰিত হৈ পৰিছে যে মনোজ বাজপেয়ীয়ে কিয় জীৱনত এই নিয়ম মানি চলিছে? যদি আপুনি ইয়াৰ কাৰণ জানে তেন্তে আপুনিও এই কথা অনুসৰণ কৰিবলৈ অণুপ্ৰাণিত হ’ব। মনোজে কয় যে তেওঁ নিজৰ স্বাস্থ্যৰ যত্ন ল’বলৈ ৰাতিৰ আহাৰ এৰি দিয়াৰ সিদ্ধান্ত লৈছিল। দুপৰীয়াৰ পাছত তেওঁৰ পাকঘৰ বন্ধ হৈ যায়।
মনোজ বাজপেয়ীয়ে কয় যে তেওঁ এই কথা তেওঁৰ ককাকৰ পৰা শিকিছে। স্বাস্থ্যৰ প্ৰতি তেওঁ অতি সজাগ আছিল আৰু ৰাতিৰ আহাৰ নাখাইছিল। কেতিয়াৰ পৰা ৰাতিৰ আহাৰ খোৱা নাই বুলি সোধাত মনোজে কয়, "প্ৰায় ১৪ বছৰ হ'ল... মই দেখিছিলো যে মোৰ ককা সদায় বহুত ফিট আছিল... গতিকে মই ভাবিলোঁ ময়ো একে কৌশল গ্ৰহণ কৰা উচিত। তাৰপাছত যেতিয়া মই সেইটো আৰম্ভ কৰিলোঁ, তেতিয়া মোৰ ওজন নিয়ন্ত্ৰণ হ’বলৈ ধৰিলে। মই বৰ শক্তিশালী আৰু সুস্থ অনুভৱ কৰিবলৈ ধৰিলোঁ। ভিতৰৰ পৰা ভাল লাগি আহিল আৰু এই অভ্যাসটো চিৰদিনৰ বাবে মোৰ জীৱনশৈলীত অন্তৰ্ভুক্ত কৰিলোঁ। মই এইটোত সামান্য পৰিৱৰ্তন কৰিলোঁ যে কেতিয়াবা ১২ ঘণ্টা, কেতিয়াবা ১৪ ঘণ্টা উপবাসে থাকো। লাহে লাহে ৰাতিৰ আহাৰ ৰুটিনৰ পৰা আঁতৰাবলৈ ধৰিলোঁ। এইদৰে দুপৰীয়াৰ পিছত আমাৰ পাকঘৰত কাম নাথাকে। ৰাতিৰ আহাৰ আমাৰ পাকঘৰত তেতিয়াহে ৰন্ধা হয় যেতিয়া আমাৰ ছোৱালীজনী হোষ্টেলৰ পৰা ঘৰলৈ আহে।"
মনোজে কয় যে আৰম্ভণিতে তেওঁৰ বাবে এই ৰুটিন মানি চলাটো অতি কঠিন আছিল। ভোক নিয়ন্ত্ৰণ কৰিবলৈ তেওঁ প্ৰচুৰ পৰিমাণে পানী আৰু স্বাস্থ্যকৰ বিস্কুট খাইছিল। এই জীৱনশৈলীয়ে তেওঁৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে। ডায়েবেটিছ, কলেষ্টেৰল আৰু হৃদৰোগৰ পৰা তেওঁ নিৰাপদ দূৰত্বত আছে।
কামৰ কথা ক’বলৈ গলে মনোজক অতি সোনকালে দেখা যাব ‘ছিৰ্ফ এক বাণ্ডা কাফি হে’ত। এই ছবিখন অহা ২৩ মে’ত ZEE5 ত মুক্তি পাব।
Leave A Comment