comScore
  • কোনখন ছৱিৰ দৃশ্যগ্ৰহণত চানি দেউলে ওঁঠত চেনেহ পৰশ যাচোতে অস্বস্তী পাইছিল মীনাক্ষী শেষাদ্ৰীয়ে? জানো আহক অভিনেত্ৰীগৰাকীৰ পৰা

    মনোৰঞ্জন
    কোনখন ছৱিৰ দৃশ্যগ্ৰহণত চানি দেউলে ওঁঠত চেনেহ পৰশ যাচোতে অস্বস্তী পাইছিল মীনাক্ষী শেষাদ্ৰীয়ে? জানো আহক অভিনেত্ৰীগৰাকীৰ পৰা
    ডিজিটেল ডেস্কঃ ১৯৮৭ চনত মু্ক্তি লাভ কৰা বলিউডৰ এখন জনপ্ৰিয় ছৱি আছিল ‘ডাকাইত’৷ অত্যাচাৰী জমিদাৰ আৰু এজন ভুক্তভোগী যুৱকৰ কাহিনীৰে নিৰ্মিত ছৱিখনত অভিনয় কৰিছিল চানি দেউল আৰু মীনাক্ষী শেষাদ্ৰীয়ে৷ পৰিচালনা কৰিছিল ৰাহুল ৰাৱালে৷

    চিনেমাখনৰ সন্দৰ্ভত শেহতীয়াকৈ অভিনেত্ৰী মীনাক্ষীয়ে মধুৰ স্মৃতি সোঁৱৰণ কৰিছে৷ ছৱিখনত চানি দেউলৰ স’তে গঢ়ি উঠা অন্তৰংগতাৰ সম্পৰ্কে তেওঁ বিশেষভাৱে উল্লেখ কৰিছে৷

    মীনাক্ষীয়ে জনায় যে ছৱিখনৰ পৰা এটা চুম্বনৰ দৃশ্য বাদ দিয়া গৈছিল৷ কয় যে চানি দেউল আৰু তেওঁৰ মাজত এটা চুম্বনৰ দৃশ্য আছিল৷ চানি দেউলে পেছাদাৰী অভিনয়সুলভতাৰে মীনাক্ষীক চেনেহৰ পৰশ দিছিল৷ কিন্তু মীনাক্ষীৰ ভীষণ অস্বস্তিৰ অনুভৱ হৈছিল৷

    ‘‘চানিয়ে চুমা খাই থাকোতে মই অস্বস্তী পাইছিলো৷ হয়তো সেইবাবে ই অত্যন্ত বাস্তৱিক হৈ পৰিছিল৷ পাছত দৃশ্যটোৰ বাবে চেঞ্চৰে অনুমতি নিদিলে৷ ছৱিৰ মুক্তিৰ পূৰ্বে সেই দৃশ্য বাদ দিয়া হয়৷’’- মীনাক্ষীয়ে কয়৷

    উল্লেখ্য যে ১৯৮৩ চনত ‘পেণ্টাৰ বাবু’ নামৰ ছৱিৰ জৰিয়তে বলিউডত ভৰি থৈছিল মীনাক্ষী৷ তাৰপাছত হিৰো, শ্বাহেনশ্বা, ঘায়ল আদি বহুকেইখন ছৱিত তেওঁ অভিনয়ৰ যোগেৰে জনপ্ৰিয়তা লাভ কৰিছিল৷
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388