• মিঠুন চক্ৰৱৰ্তীৰ প্ৰথম বিবাহঃ মাত্ৰ চাৰি মাহ টিকিছিল এইগৰাকী অভিনেত্ৰীৰ স’তে! কোন আছিল মিঠুনৰ প্ৰথমা পত্নী?

    মনোৰঞ্জন
    মিঠুন চক্ৰৱৰ্তীৰ প্ৰথম বিবাহঃ মাত্ৰ চাৰি মাহ টিকিছিল এইগৰাকী অভিনেত্ৰীৰ স’তে! কোন আছিল মিঠুনৰ প্ৰথমা পত্নী?

    ডিজিটেল ডেস্কঃ মিঠুন
    চক্ৰৱৰ্তীৰ নাম কোনেনো নাজানে! বলিউডৰ ‘ডিস্কো ডেন্সাৰ’গৰাকীয়ে কেইবাখনো জনপ্ৰিয়
    চিনেমাৰে দৰ্শকৰ হিয়াৰ আমঠু হৈ পৰিছিল। হৈ পৰিছিল বহু যুৱতীৰ নয়নৰ মণি।
    mso-bidi-language:AS">



    কিন্তু বহু যুৱতীৰ নয়নৰ
    মণি হৈ পৰিলেও সুখৰ নাছিল মিঠুনৰ আৰম্ভণিৰ সময়ছোৱাৰ প্ৰেম। ১৯৭৯ চনত
    অভিনেতাগৰাকীয়ে বিয়া কৰে অভিনেত্ৰী যোগীতা বালিক।
    AS">



    কিন্তু তাৰ পূৰ্বেও আন
    এগৰাকী বিদেশী অভিনেত্ৰীৰ স’তে প্ৰেমৰ সম্পৰ্ক গঢ়ি বিবাহপাশত হৈছিল মিঠুন। নাম
    তেওঁৰ হেলেনা লিউক। মাত্ৰ চাৰি মাহ টিকিছিল তেওঁলোকৰ দাম্পত্য জীৱন।
    mso-bidi-language:AS">



    কোন এই হেলেনা লিউক?
    সত্তৰৰ দশকত বলিউডত পদাৰ্পন কৰিছিল এইগৰাকী মডেল-অভিনেত্ৰীয়ে। ১৯৮০ চনৰ ছৱি
    জিতেন্দ্ৰ-ৰেখা অভিনীত ‘জুদাই’ৰ এটা চৰিত্ৰত অৱতীৰ্ণ হৈছিল হেলেনা। ১৯৮২ চনৰ ‘সাথ
    সাথ’ নামৰ ছৱিখনতো এটি সৰু চৰিত্ৰ ৰূপায়ন কৰিছিল তেওঁ।
    mso-bidi-language:AS">



    ইয়াৰ পাছত ‘আও পেয়াৰ
    কৰেঁ’, ‘দো গুলাব’, ‘ভাই আখিৰ ভাই হোতা হ্যে’ নামৰ ছৱিকেইখনত অভিনয় কৰিছিল
    হেলেনাই। কিন্তু এইসমূহে বক্স অফিচত বিফল হৈছিল।
    AS">



    হেলেনাৰ দেউতাক আছিল
    তুৰস্কৰ আৰু মাক আছিল এংলো-ইণ্ডিয়ান খ্ৰীষ্টান। চিনেমাত অভিনয়ৰ পূৰ্বে হেলেনাই ৯
    বছৰ গুজৰাটী নাটকত অভিনয় কৰিছিল।



    মিঠুনৰ পূৰ্বে অভিনেতা জাভেদ
    খানৰ স’তেও হেলেনাৰ সম্পৰ্ক আছিল বুলি জনা যায়। ৪ বছৰ প্ৰেম কৰাৰ পাছত তেওঁলোকৰ
    বিচ্ছেদ হয়।



    আনহাতে, হেলেনাৰ স’তে
    সম্পৰ্ক গঢ়াৰ পূৰ্বে মিঠুনৰ প্ৰেম হৈছিল অভিনেত্ৰী সাৰিকাৰ স’তে। কিন্তু এই প্ৰেম
    নিটিকিল।
    mso-bidi-language:AS">



    মিঠুনে হেলেনাক বিয়া
    কৰায় কিন্তু বিয়াৰ পাছত পুনৰ জাভেদ খান হেলেনাৰ ওচৰলৈ ঘূৰি আহে। হেলেনাও জাভেদৰ
    প্ৰতি নৰম হৈ পৰে। ফলত মিঠুন আৰু হেলেনাৰ বিচ্ছেদ হয়।
    mso-bidi-language:AS">



    কিন্তু জাভেদ খানৰ স’তেও
    পুনৰ হোৱা সম্পৰ্ক বিচ্ছেদ হয়। ১৯৮৭ চনত আন এগৰাকী অভিনেতা বিজয়েন্দ্ৰ ঘটগৰ স’তে
    হেলেনাৰ সম্পৰ্ক হয়।



    কিন্তু এই প্ৰেমো
    শেষৰফালে ঘৃণালৈ ৰূপান্তৰ হয়। বিচ্ছেদ হয় হেলেনা আৰু বিজয়েন্দ্ৰৰ। বলিউডতো হেলেনাই
    জনপ্ৰিয়তা অৰ্জন কৰাত ব্যৰ্থ হয়। সম্ভৱতঃ শেষবাৰৰ বাবে তেওঁক দেখা গৈছিল ১৯৮৮ চনৰ
    ‘এক নয়া ৰিস্তা’ নামৰ ছৱিখনত। কিন্তু এই ছৱিখনৰ দ্বাৰাও সফলতা লাভ নকৰিলে
    অভিনেত্ৰীগৰাকীয়ে।



    বলিউডত ব্যৰ্থ হোৱাৰ
    পাছত হেলেনাই আমেৰিকালৈ গুছি যায়। নিউয়ৰ্কৰ এটা বিমান সংস্থাত কৰ্মজীৱন আৰম্ভ কৰে
    তেওঁ। গ্লেমাৰৰ পৃথিৱীত তেওঁক আৰু দেখা পোৱা নগ’ল।
    AS">



    এতিয়া হেলেনা ক’ত আছে কি
    কৰিছে একো জনা নাযায়। বলিউডৰ অনেক ব্যৰ্থ অভিনেত্ৰীৰ দৰেই হেলেনাক লৈ কাৰো কৌতূহল
    নাই। অথচ মিঠুন চক্ৰৱৰ্তীৰ দৰে চুপাৰষ্টাৰৰ স’তে বিবাহপাশত আৱদ্ধ হৈছিল তেওঁ।