ডিজিটেল ডেস্কঃ মালয়ালম চলচ্চিত্ৰৰ ছুপাৰষ্টাৰ মোহনলালে নিজৰ অনুৰাগীসকলৰ পুনৰবাৰ ফিটনেছৰ দ্বাৰা মন মোহিছে। শেহতীয়াকৈ অভিনেতাগৰাকীয়ে ব্যায়াম কৰি থকা এটা ভিডিঅ’ আপলোড কৰিছিল য’ত তেওঁ ১০০ কিলোগ্ৰাম ওজন দাঙি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷
ভিডিঅ’টোত মোহনলালৰ প্ৰশিক্ষকে তেওঁক অধিক ওজন দাঙিবলৈ উৎসাহিত কৰা দেখা গৈছে আৰু অভিনেতাজনে এই ক্ষেত্ৰত হেমাহি কৰা নাই। ৬৩ বছৰীয়া অভিনেতাগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই ভিডিঅ’টো পোষ্ট কৰিছে৷
অভিনেতাগৰাকীৰ পোষ্টৰ কিছু মিনিটৰ ভিতৰতে অনুৰাগীয়ে মন্তব্যৰ দ্বাৰা তেওঁক উপচাই পেলায়। তেওঁৰ স্বাস্থ্যৰ প্ৰতি থকা সমৰ্পিত গুণক সকলোৱে শলাগ লয়৷
উল্লেখ্য যে, অচিৰেই মোহনলালক বৃষাভা ছবিত দেখা যাব। ছবিখনত শ্বানয়া কাপুৰৰ অভিনয়ৰ আত্মপ্ৰকাশো হৈছে। ইয়াৰ প্ৰযোজক একতা আৰ কাপুৰৰ বালাজী টেলিফিল্মছৰ লগতে কানেক্ট মিডিয়া আৰু এভিএছ ষ্টুডিঅ’।শনিবাৰে টুইটাৰত মোহলালে এই প্ৰকল্পৰ চিত্ৰগ্ৰহণৰ কথা ঘোষণা কৰে। নন্দ কিশোৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ দৃশ্যগ্ৰহণ তেলেগু আৰু মালয়ালম ভাষাত হ’ব।
Leave A Comment