ডিজিটেল ডেস্কঃদীপিকাৰ গেৰুৱা বিকিনিয়ে এতিয়া দেশ গৰম কৰি ৰাখিছে৷ হিন্দুত্ববাদী নেতাসকলৰ এটা অংশই দিপীকাৰ কাপোৰৰ ৰঙকলৈ তীব্ৰ বিৰোধিতা কৰিছে৷এইবাৰ অভিনেতা মুকেশ খান্নাই পাঠান চলচ্চিত্ৰখনৰ 'বেচৰাম ৰং' সম্পৰ্কে মুখ খুলিছে।
'পাঠান' ছবিৰ 'বেচৰাম ৰং' বোলছবিখনৰ প্ৰথমটো গান এই সপ্তাহতে মুক্তি দিয়া হৈছে। অভিনেত্ৰী দীপিকা পাডুকনৰ শৰীৰ গানৰ দৃশ্যত দৃষ্টিকটু ভাবে প্ৰদৰ্শন কৰা হৈছে৷ গীতটোত শ্বাহৰুখ খানৰ সৈতে তেওঁৰ অবিশ্বাস্য ৰসায়ন সৃষ্টি কৰা হৈছে।গীতটোৱে সমগ্ৰ দেশতে ঘৃণা, বিতৰ্কৰ পৰিৱেশৰ সৃষ্টি কৰিছে । হিন্দুত্ববাদী নেতাসকলে দাবী কৰিছে যে ছবিখনৰ আপত্তিজনক দৃশ্যবোৰ বাদ দিব লাগে। অন্যথা ছবি খন চলোৱা ছবিগৃহ জ্বলাই দিয়াৰো ভাবুকি দিয়া হৈছে৷
বিভিন্ন হিন্দু সংগঠন, বিশ্ব হিন্দু পৰিষদ, আৰ এছ এছ, মধ্য প্ৰদেশৰ গৃহ বিভাগ আৰু মুছলমান সংগঠন উলেমা বোৰ্ডে ছবি খনৰ বিৰুদ্ধে তীব্ৰ আপত্তি জনাইছে। এইবাৰ, অভিনেতা মুকেশ খান্নায়ো এখোজ আগুৱাই গৈ ছবিখনৰ গানটোক অশ্লীল বুলি অভিহিত কৰিছে।
সৰু পৰ্দাৰ 'শক্তিমান'-এ চিবিএফচিৰ প্ৰতিও সন্দেহৰ তৰ্জনী টোৱাইছে৷ এই চলচ্চিত্ৰখনত গানৰ দৃশ্যটো অশ্লীল হোৱা স্বত্বেও, ই কেনেকৈ অনুমোদিত হ'ল! তেওঁ কয়"এয়া কোনো ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ বিষয়ে নহয়। বৰঞ্চ, ই অশ্লীল। এইখন স্পেইন, চুইডেনৰ দৰে দেশ নহয়, যিয়ে সকলো বোৰ কথাই মানি ল’ব । আজি চুটি পোছাক পিন্ধি দিপীকাই নাচিছে, ইয়াৰ পিছত হয়তো কাপোৰ অবিহনেই মুকলিকৈ ওলাই আহিব!"
এই গানটোৱে যুৱ সম্প্ৰদায়ক বিচলিত কৰিব পাৰে বুলিও অভিনেতাগৰাকীয়ে কয়। তেওঁ কয় যে চেন্সৰ বোৰ্ডৰ কাম হৈছে কোনো চলচ্চিত্ৰই কাৰো অনুভূতি আৰু বিশ্বাসক আঘাত নকৰাটো নিশ্চিত কৰা।
Leave A Comment