comScore
  • ‘ডক্তৰ বেজবৰুৱা ২’ৰ সফলতাৰ পাছত এ.এম. টেলিভিছনৰ প্ৰযোজনাত এইবাৰ আহি আছে ‘দ্য কনচিকুৱেন্স’

    মনোৰঞ্জন
    ‘ডক্তৰ বেজবৰুৱা ২’ৰ সফলতাৰ পাছত এ.এম. টেলিভিছনৰ প্ৰযোজনাত এইবাৰ আহি আছে ‘দ্য কনচিকুৱেন্স’
    ডিজিটেল ডেস্কঃ আহি আছে এখন নতুন অসমীয়া ছবি। ছবিখনৰ নাম ‘দ্য কনচিকুৱেন্স’। আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি ‘দ্য কনচিকুৱেন্স’ৰ পৰিচালনা চন্দ্ৰ শেখৰ দাসৰ আৰু প্ৰযোজনা কৰিছে এ.এম. টেলিভিছন প্ৰডাকচনে। এই ছবিখনে চলিত বৰ্ষৰ ২৬ মে’ত আনুষ্ঠানিকভাৱে ছবিগৃহত মুক্তি পাব। ছবিখন বিভিন্ন ছবি মহোৎসৱত প্ৰদৰ্শিত হৈছে আৰু বহু উল্লেখনীয় বঁটা লাভ কৰিছে।

    1. Port Blair International Film Festival 2021 2. Indo-French International Film Festival 2021 3. Goa International Film Festival 2021 4. Official Selection at Megaflix Film Awards 5. International Film Festival of Andaman and Nicobar 2021 6. Golden Leaf International Film Festival 7. Best Child Actor at Mumbai Independent Film Festival 8. Silver Awards 2021 9. Gangtok International Film Festival 10. Golden Peacock International Film Festival 11. Tekka International Film Festival 12. Reels International Film Festival 13. Uruvatti International Film Festival 14. KIIFFA (Kashi Indian International Film Festival) 15. Black Swan International Film Festival 16. Crown Wood International Film Festival 17. Virgin Spring Cinefest 18. Calcutta International Cult Film Festival 19. Cult Critic Movie Awards 20. Royal Society of Television and Motion Picture Awards 21. Global India International Film Festival 22. Ideal International Film Festival 23. MegaFlix Film Awards 24. Galaxius Gorakhpur International Film Festival

    এই ছবিখন ভৌতিক আৰু থ্ৰিলাৰৰ বিষয়বস্তুৰে চিত্ৰিত কৰা হৈছে আৰু শিশুৰ ওপৰত পৰা প্ৰযুক্তিৰ মানসিক প্ৰভাৱৰ ওপৰত আধাৰিত। মানুহৰ ওপৰত চলি থকা প্ৰযুক্তিগত প্ৰভাৱৰ ওপৰত প্ৰতিষ্ঠিত ‘দ্য কনচিকুৱেন্স’ হৈছে থ্ৰিলাৰ, ছাচপেন্স, আৰু সমাধান সূত্ৰৰে ভৰা এখন পাৰিবাৰিক চিনেমা। সমগ্ৰ অসমতে ছবিখনে ২৬ মে’ত ছবিগৃহত মুক্তি পাব।

    আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা ‘দ্য কনচিকুৱেন্স’ ছবিখনৰ ট্ৰেইলাৰ উন্মোচন আৰু পোষ্টাৰ মুক্তিৰ অনুষ্ঠানত ছবিখনৰ কলা-কুশলী, এ.এম. টেলিভিছনৰ অধ্যক্ষ ড° অক্ষতা নাৰায়ণ, পৰিচালক চন্দ্ৰ শেখৰ দাস, কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰ, গীতিকাৰ ৰাজদ্বীপ, অনিৰুদ্ধ বৰুৱাৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

    ছবিখনত অভিনয় কৰিছে শ্ববনম বৰগয়াৰী, ৰণী বৰুৱা, বিপুল বৰা, দেৱযানী নাথ, শিৱপ্ৰসাদ নাথ, প্ৰয়াত মৃণাল দাস, প্ৰয়াত বলিন চৌধুৰী আৰু জ্ঞান গুৰুঙে। ছবিখনৰ সংগীত পৰিচালনা অনিৰুদ্ধ বৰুৱাৰ, গীতৰ কথা ৰাজদ্বীপৰ আৰু গীত গাইছে শংকুৰাজ কোঁৱৰে।
    পৰিচালক চন্দ্ৰ শেখৰ দাসে কয় “দ্য কনচিকুৱেন্স মই স্বাধীনভাৱে পৰিচালনা কৰা প্ৰথম ছবি। সেয়েহে এই ছবিখন মোৰ হৃদয়ৰ অতি আপোন আৰু ছবিখনে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত একাধিক বঁটা আৰু স্বীকৃতি লাভ কৰাৰ পাছত মোৰ বিশ্বাস যে অসমৰ ৰাইজে এই ছবিখন ভাল পাব৷” 

    ‘ডাঃ বেজবৰুৱা ২’ৰ ব্যাপক সফলতাৰ পাছত এ.এম. টেলিভিছন প্ৰডাকচনে ‘দ্য কনচিকুৱেন্স’ৰ প্ৰযোজনা কৰিছে। এই ছবিখনক সফল কৰি তোলাৰ ক্ষেত্ৰত দৰ্শকৰ পৰা উপযুক্ত সঁহাৰি পাব বুলি আশাবাদী ছবিখনৰ লগত জড়িত প্ৰতিজন ব্যক্তি।
    সংবাদ মাধ্যমৰ প্ৰশ্নৰ বাবে যোগাযোগ কৰক- 8638504538 (A.M. Television Production)