• হিমাংশু প্ৰসাদ দাসৰ জয় হনুমেন ; বহু বিতৰ্কৰ অন্ত পেলাই কাইলৈ মুক্তি পাব ‘জয় হনুমেন’

    মনোৰঞ্জন
    হিমাংশু প্ৰসাদ দাসৰ জয় হনুমেন ; বহু বিতৰ্কৰ অন্ত পেলাই কাইলৈ মুক্তি পাব ‘জয় হনুমেন’
    ডিজিটেল ডেস্ক: অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ছবিখনৰ প্ৰচাৰ চলাইছে ‘জয় হনুমেন’ৰ পৰিচালক হিমাংশু প্ৰসাদ দাস আৰু তেওঁৰ দলে । অসমৰ এটা বিশেষ ঘটনাৰ আলমত এই ছবিখন নিৰ্মাণ কৰা হৈছে। ১৮ অক্টোবৰত ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহতে মুক্তিলাভ কৰিব ছবিখনে ৷

    যোৱা মঙলবাৰে মহানগৰীৰ অনুৰাধা ছবিগৃহত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’। ছবিখনত দেখিবলৈ পাব অমৃতা গগৈ, জয় কাশ্যপ, গীতাৱলী ৰাজকুমাৰী, বিভূতি ভূষণ হাজৰিকা, ভাস্কৰ তামুলী, ৰাজীৱ গোস্বামী, অন্যান্য কাশ্যপ, জ্যোতি নাৰায়ণ নাথ, অসীম কৃষ্ণ বৰুৱা, প্ৰণামী বৰা, নৱজ্যোতি নাথ, সিদ্ধাৰ্থ বড়ো, জিন্টু কুমাৰ কাশ্যপকে ধৰি কেবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীক। এই ছবিখনত হনুমেনৰ চৰিত্ৰত অভিনয় কৰিছে সিদ্ধাৰ্থ বড়োৱে ৷

    ‘জয় হনুমেন’ৰ চিত্ৰনাট্য আৰু সংলাপ হিমাংশু প্ৰসাদ দাস, শান্তনু ৰৌমৰীয়া আৰু অধিৰাজ কাশ্যপৰ ৷ অসমৰ বাহিৰেও দেশৰ আন ৮ টা ঠাই- দিল্লী, মুম্বাই, পুনে, বেংগালুৰু, হায়দৰাবাদ, চেন্নাই, গোৱাতো ১৮ অক্টোবৰত মুক্তি পাব ছবিখন ৷




    প্ৰিমিয়াৰ শ্ব’ৰ পাছত অভিনেত্ৰী অমৃতা গগৈয়ে কয় যে,‘হিমাংশু দাৰ লগত এইটো মোৰ প্ৰথমটো কাম । মাতৃ হোৱাৰ পাছত ছবিলৈ মোৰ প্ৰত্যাৱৰ্তন বুলিয়ে ক’ব লাগিব । বহুবছৰৰ বিৰতিৰ পাছত মোৰ নিজৰেই ছবিৰ প্ৰিমিয়াৰ চাবলৈ আহিছো । কি কৰিছো, কেনেকুৱা কৰিছো একেবাৰে নাজানো । আশা কৰো দৰ্শকে ছবিখন চাই ভাল পাব ।” 




    ‘জয় হনুমেন’ ছবিখনৰ লগতে চলি থকা বিতৰ্কৰ সন্দৰ্ভত হিমাংশু প্ৰসাদ দাসে কয়, ‘প্ৰথম কথা হৈছে মোৰ দেউতাৰ ৮০ বছৰ হৈ গৈছে আৰু তেওঁ এজন হিন্দু ব্যক্তি । গতিকে দেউতাৰ অনুভূতিত আঘাত কৰাৰ মোৰ কোনো স্পৰ্ধা নাই, উদ্দেশ্য নাই । গতিকে হিন্দু ধৰ্মক আঘাত কৰা বুলি যিবোৰ কথা কোৱা হৈছে, ছবিখন চালে প্ৰত্যেকে ক’ব যে আচলতে সেই ধৰ্মক আঘাত কৰাটো দূৰৰ কথা, বৰং সেই আস্থাক আমি সন্মানহে জনাইছো । ছবিখনৰ মূল বিষয়টো ধৰ্ম নহয়েই, ছবিখনৰ মূল বিষয় অন্য এটা জ্বলন্ত সমস্যা । ছবিখন চালে দৰ্শকে বিষয়টো বুজিব পাৰিব ।’