ডিজিটেল ডেস্ক: জীৱনৰ বিয়লি বেলা এখন কথাছবি পৰিচালনা কৰাৰ সপোন আছিল তেওঁৰ। ছবিৰ সৈতে ওৰেটো জীৱন পাৰ কৰা অসমীয়া কথাছবিৰ চুপাৰষ্টাৰ নিপন গোস্বামীয়ে বাছি লৈছিল এসমমত অসমৰ দৰ্শকে হিয়া উজাৰি আকুৱালি লোৱা ‘ডক্তৰ বেজবৰুৱাৰ’ চিকুৱেল ‘ডক্তৰ বেজবৰুৱাৰ ২’ক।
কথামতেই কাম আগবাঢ়িল। সময় আৰু কামৰ প্ৰতি সদায়ে চিৰিয়াছ বৰ্ষীয়ান অভিনেতাগৰাকীয়ে দশক দশক জুৰি গোটোৱা অভিজ্ঞতাৰে এদিন পৰিচালনা কৰি ওলিয়ালে তেওঁৰ সপোনৰ কথাছবিখন
‘ডক্তৰ বেজবৰুৱাৰ-২’
মৃত্যুৰ ক্ষণ গণি থকা সময়তো তেওঁৰ মুখত আছিল কেৱল ছবিখনৰ নাম। ক’ভিডকালীন পৰিস্থিতিৰ পাছত অসমীয়া ছবিৰ দুৰাৱস্থা দূৰ কৰিবৰ বাবে যিমান পাৰি চেষ্টা কৰিছিল তেওঁ।
কিন্তু ছবিখনৰ ট্ৰেইলাৰৰ ম’ন’ল’গটোৰ দৰেই যেন ‘সময় এক সাঁথৰ’
সময়েই এদিন মাজৰ পৰা লৈ গ’ল অসমীয়াৰ অতিকৈ আপোন অভিনেতাজনক। মাত্ৰ ৯মাহ আগৰ কথা। ছবিখনৰ প’ষ্টাৰ মুকলি অনুষ্ঠানত তেওঁ নাচিছিল, দৰ্শকক কৰিছিল অনুৰোধ। কিন্তু মানুহজনে হেঁপাহৰ ছবিখন ডাঙৰ পৰ্দাত চাবলৈ নোপোৱাকৈয়ে গুচি গ’ল।
ইতিমধ্যে আৰম্ভ হৈছে ‘ডক্তৰ বেজবৰুৱাৰ-২’ৰ অগ্ৰীম বুকিং। অগ্ৰিম বুকিঙতে যোৰহাটৰ ইলি চিনেমাহলত প্ৰথম দিনা হাউচফুল হ’ল ‘ডক্তৰ বেজবৰুৱাৰ-২’। গুৱাহাটীৰো কেইবাটাও চিনেমাহল ‘ডক্তৰ বেজবৰুৱাৰ-২’ হাউচফুল হোৱাৰ দিশে গতি কৰিছে। ছবিখনক লৈ আশাবাদী হৈ পৰিছে সকলো কলা-কুশলীৰ সৈতে অসমৰ ৰাইজ।
Leave A Comment