ডিজিটেল ডেস্কঃ এক সুখবৰ। উত্তৰ-পূব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সাফল্য অর্জন নগাঁও জিলাৰ মৰঙীয়াল গাঁৱৰ নৱজ্যোতি বৰাৰ। নাট্যকাৰ, অভিনেতা নৱজ্যোতি বৰাই ‘মজ’লী’ চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা পাবলৈ সক্ষম হৈছে। মুম্বাইত অনুষ্ঠিত হৈছিল উত্তৰ-পূব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ।
শৈশৱৰ পৰাই নাট্য জগতৰ লগত জড়িত নৱজ্যোতি বৰাৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে নগাঁওবাসী। অসমলৈ গৌৰৱ কঢ়িয়াই মুম্বাইৰ পৰা পোনে পোনে স্ব-গৃহত উপস্থিত হোৱা নৱজ্যোতি বৰাক অঞ্চলবাসীৰ লগতে সাংস্কৃতিক জগতৰ বহু শিল্পীয়ে শুভেচ্ছা জ্ঞাপন কৰে। নগাঁও জিলাৰ অতি পুৰণি নাট্যগোষ্টী ‘সুন্দৰম’ নাট্যগোষ্ঠীৰ পৰা নাট্য জগতলৈ পাতনি মেলা নৱজ্যোতি বৰাই ইতিমধ্যেই কেইবাখনো ধাৰাবাহিক কাহিনীৰ ৰচনা আৰু সুন্দৰ পৰিচালনাৰ বাবে দৰ্শকৰ প্ৰশংসা পাবলৈ সক্ষম হৈছে।
উল্লেখ্য যে অসমীয়া ধাৰাবাহিকৰ কেইবাখনো জনপ্রিয় ধাৰাবাহিকৰ কাহিনী চিত্ৰনাট্য সংলাপ লিখা নৱজ্যোতি বৰাই বৰ্তমান জনপ্ৰিয় চেনেল ৰেঙনিত সম্প্ৰচাৰ হৈ থকা ‘বাউলি ফাগুন’ত এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰি আছে। এই ক্ষেত্ৰখনত নৱজ্যোতি বৰা আৰু আগুৱাই যাওক তাৰে কামনা কৰিছে নগাঁওবাসীয়ে।
Leave A Comment