ডিজিটেল ডেস্কঃ চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীৰ আগন্তুক ছৱি ‘দ্য ভেকচিন ৱাৰ’ৰ প্ৰচাৰ চলি আছে। ইয়াত অংশ লয় নুপুৰ শৰ্মাই। দেওবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত ছৱিখনৰ প্ৰচাৰত অংশ লয় নিলম্বিত বিজেপি নেত্ৰীগৰাকীয়ে। বহুদিনৰ পাছত ৰাজহুৱা অনুষ্ঠানত উপস্থিত হয় তেওঁ।
শৰ্মাই কভিড মহামাৰীৰ সময়ত থলুৱা ভেকচিন নিৰ্মাণৰ কামত জড়িত হৈ লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰা বিজ্ঞানীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
“মই আপোনালোক সকলোকে সম্পূৰ্ণ হৃদয়েৰে ধন্যবাদ জনাইছো। আপোনালোকৰ প্ৰচেষ্টাৰ ফলস্বৰূপে আজি আমি ভাৰতীয়সকল জীয়াই আছো।’’- তেওঁ কয়। আমন্ত্ৰণ জনোৱাৰ বাবে অনুষ্ঠানৰ আয়োজকসকলক ধন্যবাদ জনাই কয়, “ভাৰত মাতা কি জয়।’’
উল্লেখ্য যে ২০২২ চনৰ মে’ মাহত টিভি শ্ব’ত নুপুৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছিল। বিপুল বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল। তাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিলম্বিত হৈছিল।
Leave A Comment