ডিজিটেল ডেস্কঃ যিটো সময়ত 'গদাৰ ২' ছবি খনে দেশ তথা বিদেশত খলকনি তুলিছে সেই সময়তে ছবিখনৰ সংলাপকলৈ লৈ পাকিস্তানত যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈছে । ছবি খনৰ জড়িয়তে ছানী দেওলে মাত্ৰ এসপ্তাহত ৩০০ কোটি টকাৰ ব্যৱসায় কৰিছে।
তেওঁৰ ৪০ বছৰীয়া কেৰিয়াৰত এয়া এক বৃহৎ সফলতা বুলি বহুতে ধাৰণা কৰিছে। কিন্তু পাকিস্তানীসকলে ছানী দেওলৰ এনে সাফল্যক মুঠেও গুৰুত্ব দিব বিচৰা নাই। ছানীয়ে পাকিস্তানক 'গদাৰ ২' ছবি খনত সতৰ্ক কৰি দিছে। পৰ্দাত, অভিনেতাজনক কোৱা শুনা গৈছে যে পাকিস্তানৰ আধা অংশ খালী কৰি দিব।
শেহতীয়াকৈ, এটা ভিডিঅ' ইণ্টাৰনেটত ভাইৰেল হৈছে।ভিডিঅ’টোত ছানী দেওলৰ বিৰুদ্ধে বিষাক্ত মন্তব্য কৰা দেখা গৈছিল। কোনোবা এজনে মন্তব্য কৰিছিল, "এয়া চিনেমাখনত দেখুওৱা হৈছে, তেওঁ ইয়ালৈ আহিলে আমি তেওঁক বুজাই দিম।" কোনোবাই কৈছে, 'ছানী দেওল পাকিস্তানলৈ আহিলে তেওঁক হত্যা কৰা হ’ব। " অৱশ্যে একাংশ পাকিস্তানীয়ে যিয়েই নকওঁক , ছানীৰ ছবি খনে বিদেশতো বেছ সমাদৰ লাভ কৰিছে।
Leave A Comment