• কেৱল গান নহয়..এইবাৰ ছবি নিৰ্মাতাৰ ৰূপত পাপন! উত্তৰ-পূবক লৈ দুখনকৈ ছবি নিৰ্মাণ

    মনোৰঞ্জন
    কেৱল গান নহয়..এইবাৰ ছবি নিৰ্মাতাৰ ৰূপত পাপন! উত্তৰ-পূবক লৈ দুখনকৈ ছবি নিৰ্মাণ
    ডিজিটেল ডেস্কঃ জনপ্ৰিয় কণ্ঠশিল্পী পাপন এইবাৰ হ’ব এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা। এইবাৰ উত্তৰ-পূব ভাৰতক লৈ ছবি নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে পাপনে। উত্তৰ-পূব ভাৰতক লৈ তেওঁ একেলগে দুখন চলচ্চিত্ৰত কাম কৰি আছে। যোৱা ৪ বছৰ ধৰি ছবি দুখনৰ বাবে পাপনে কাম কৰি আছে।

    ছবি দুখনৰ নাম হৈছে ‘দ্য লেণ্ড অফ দ্য চেক্ৰেড বিটছ’ আৰু ‘দ্য মিষ্টিকেল ব্ৰহ্মপুত্ৰ – এ মিউজিকেল ষ্টৰী’। ছবি দুখনৰ প্ৰযোজনা পাপনৰ আৰু পৰিচালনা পৰাশৰ বৰুৱাৰ। পাপনে কয় যে “ভাৰত আৰু বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি মোৰ প্ৰেম কিমান সেই কথা সকলোৱে জানে।উত্তৰ-পূবক পৃথিৱীৰ বিভিন্ন কোণলৈ লৈ যোৱাৰ বাবে মই সদায়ে দায়বদ্ধ। আমি গৱেষণা আৰু দৃশ্যগ্ৰহণৰ বাবে বহু বছৰ ধৰি ভ্ৰমণ কৰি আছো। মই আশা কৰোঁ যে এই ছবি দুখনৰ জৰিয়তে আমি কেৱল পৰ্যটন আৰু সংস্কৃতিক উৎসাহিত কৰাই নহয়,ইয়াৰ সুন্দৰ কাহিনীবোৰো প্ৰচাৰ কৰিবলৈ সক্ষম হ’ম।”

    উল্লেখ্য যে অসমৰ সাংস্কৃতিক দূত হিচাপে সন্মানীয় কাঁ চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰণ জনোৱা হৈছিল পাপনক। পাপনৰ এই ছবিৰ টিজাৰসমূহ মাৰ্চ ডু ফিল্মৰ ইণ্ডিয়া পেভিলিয়নত উন্মোচন কৰা হৈছিল। ছবি দুখনৰ বাবে আগ্ৰহেৰে বাট চাইছে তেওঁৰ অনুৰাগীসকলে।