ডিজিটেল ডেস্কঃ অৱশেষত দীৰ্ঘদিনীয়া প্ৰেমে পূৰ্ণতা লাভ কৰাৰ দিশে।মাত্ৰ অলপ সময়ৰ অপেক্ষা । তাৰ পিছতে চাৰিখন হাত একেলগ হ’ব। ৰাঘৱ চাদ্ধা আৰু পৰিণীতি চোপ্ৰাৰ আজি বিয়া । খবৰ অনুসৰি আপ নেতাজনে আবেলি 'বেণ্ড বাজা বাৰাত'ৰ সৈতে বিবাহস্থলীত উপস্থিত হ'ব। তাৰপিছতেই জয়মালা অনুষ্ঠান অনুষ্ঠিত হ'ব।
ৰাঘৱ আৰু পৰিণীতিৰ বিবাহ অনুষ্ঠান কঠোৰ নিৰাপত্তাৰ মাজৰে ৰাজস্থানৰ উদয়পুৰৰ লীলা প্ৰাসাদত অনুষ্ঠিত হৈছে। প্ৰাসাদৰ চাৰিওফালে পানী। ফলস্বৰূপে, পাপাৰাজ্জিৰ বাবে সহজে ছবি তোলাটো অসম্ভৱ হৈ পৰিছে। খবৰ পোৱা গৈছে যে ৰাঘনিতিৰ বিয়াত বজোৱা সংগীত ১০৯০ -ৰ দশকৰ সংগীতৰ ওপৰত আধাৰিত।
নৱৰাজ হংসই প্ৰাণ ঢালি গাইছে সেই গীত। অনুষ্ঠানটোত অন্যান্য খাদ্যৰ সৈতে মেগীও পৰিৱেশন কৰা হৈছে। যি কি নহওক, শনিবাৰৰ গোটেই ৰাতিৰ পাৰ্টিৰ পিছত বিয়াৰ পুৱাটোত সোণালী ৰ'দক আদৰণি জনাইছে অভ্যাগতসকলে। জানিব পৰা মতে ৰাঘৱৰ 'চেহৰাবন্দী' অনুষ্ঠানৰ পিছত জয়মালা অনুষ্ঠান আবেলি ৩.৩০ বজাত অনুষ্ঠিত হ'ব।
ৰাঘৱ আৰু পৰিণীতিয়ে এই অনুষ্ঠানতে ইজনে সিজনৰ ডিঙিত মালা পিন্ধাব। দেওবাৰে নিশা ৮.৩০ বজাত এক বিশাল অভ্যৰ্থনা অনুষ্ঠিত হ'ব। এই অভ্যৰ্থনা অনুষ্ঠানৰ বিষয়বস্তু হৈছে 'এ নাইট অফ আমোৰ'। মন কৰিব যে 'আমোৰ' শব্দটোৰ অৰ্থ হৈছে প্ৰেম।
Leave A Comment