• আইনী মেৰপেচত প্ৰযোজক একতা কাপুৰ; POCSO আইনৰ অধিনত ৰুজু হৈছে গোচৰ

    মনোৰঞ্জন
    আইনী মেৰপেচত প্ৰযোজক একতা কাপুৰ; POCSO আইনৰ অধিনত ৰুজু হৈছে গোচৰ
    ডিজিটেল ডেস্ক: আইনী মেৰপেচত সাঙুৰ খাই পৰিছে বিখ্যাত প্ৰযোজক একতা কাপুৰ৷একতা কাপুৰ আৰু তেওঁৰ মাতৃ শ্বোভা কাপুৰৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা আইন চমুকৈ প’স্কো অধীনত গোচৰ ৰুজু কৰা হৈছে। এখন ৱেব চিৰিজত নাবালকৰ অনুপযুক্ত দৃশ্য প্ৰদৰ্শন কৰাৰ বাবে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে৷ 

    প্ৰাপ্ত তথ্য অনুসৰি এই গোচৰটো এ.এল.টিবালাজীত প্ৰচাৰিত তেওঁলোকৰ ধাৰাবাহিক "গণ্ডী বাত"ৰ এটা খণ্ডত নাবালিকাৰ সৈতে জড়িত অনুপযুক্ত দৃশ্য প্ৰচাৰ কৰা অভিযোগৰ সৈতে জড়িত।

    আৰক্ষীৰ সূত্ৰ অনুসৰি এম.এইচ.বি থানাত প’স্কো আইনৰ ১৩ আৰু ১৫ নং ধাৰাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ২৯৫-এ ধাৰা আৰু তথ্য প্ৰযুক্তি(আই টি)আইনৰ সংশ্লিষ্ট ধাৰা অনুসৰি গোচৰ পঞ্জীয়ন কৰা হৈছে। ২০২১ চনৰ ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত এ.এল.টি বালাজীত প্ৰচাৰিত "গণ্ডী বাত"ৰ ষষ্ঠ ছিজনৰ এটা খণ্ডত আপত্তিজনক দৃশ্যৰ বাবে এই গোচৰ তৰা হৈছে।সম্প্ৰতি বিতৰ্কিত খণ্ডটো অটিটি প্লেটফৰ্মটোৰ পৰা আঁতৰাই দিয়া হৈছে বুলি সদৰি কৰিছে।

    শেহতীয়া খবৰ অনুসৰি ১৯ এপ্ৰিলত চিনেমাগৃহত মুক্তি পাব দিবাকৰ বেনাৰ্জীৰ পৰিচালিত একতা কাপুৰৰ শেহতীয়া ছবি "লাভ, চেক্স আৰু ধোখা ২"। চলচ্চিত্ৰখনে আধুনিক সম্পৰ্কত প্ৰযুক্তিৰ প্ৰভাৱৰ বিষয়ে এক সাহসী ৰূপত আগবঢ়াইছে, কিদৰে ছ'চিয়েল মিডিয়া আৰু ডিজিটেল সংযোগৰ প্ৰতি সমাজৰ ক্ৰমবৰ্ধমান আকৰ্ষণ বৃদ্ধি পাইছে।