ডিজিটেল ডেস্কঃ জনপ্ৰিয় বাংলাদেশী অভিনেত্ৰী পৰীমণিৰ বিবাহ বিচ্ছেদৰ খবৰে বিভিন্ন মহলত বেছ আলোড়ণৰ সৃষ্টি কৰিছিল৷নতুন বছৰৰ আৰম্ভণিতে পৰীমণিয়ে বিবাহ বিচ্ছেদৰ ঘোষণাৰে সকলোকে আচৰিত কৰি তুলিছিল। তেওঁ সামাজিক মাধ্যমত লিখিছিল যে তেওঁ ৰাজৰ সৈতে সকলো সম্পৰ্ক ছিন্ন কৰি দিছে।
স্বামী ৰাজৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগো উত্থাপন কৰিছিল অভিনেত্ৰীগৰাকীয়ে। পৰীণণিৰ পঞ্চম বিবাহ ভংগ হোৱাৰ খবৰ শুনি অনুৰাগীসকল হতবাক হৈ পৰিছিল। পৰীমণিয়ে আনকি এখন সংবাদমেল পাতি ৰাজৰ সৈতে বিচ্ছেদৰ বিষয়ে অৱগত কৰিছিল। অৱশ্যে, এই সকলো বিতৰ্কৰ পিছত নতুন খবৰটো হৈছে যে পৰীমণি আৰু ৰাজ বৰ্তমানৰ বাবে পৃথক হোৱা নাই। তেওঁলোক দুয়োজনে সিদ্ধান্ত লৈছে যে তেওঁলোকে এতিয়া একেলগে থাকিব। ইয়াৰ কাৰণ হৈছে তেওঁলোকৰ পুত্ৰ ৰাজ্য! ৰাজ্যৰ বাবেই পৰীমণিয়ে ৰাজৰ সৈতে একেলগে থকাৰ কথা ঘোষণা কৰিছে৷
পৰীমণিৰ স্বামী ৰাজেও একেই কথাই কৈছে। ৰাজে কয় "তিনিদিন ধৰি আমি একেলগে আছোঁ, আমি ভালে আছোঁ।আমি আমাৰ পুত্ৰৰ ভাল হোৱাটো বিচাৰো ''৷
Leave A Comment