• আহি আছে প্ৰভাসৰ নতুন ছবি ; 'ভৈৰৱ'ৰ ৰূপ দেখি পাহৰিব বাহুবলী আৰু ছালাৰ- দাবী নিৰ্মাতাৰ

    মনোৰঞ্জন
    আহি আছে প্ৰভাসৰ নতুন ছবি ;  'ভৈৰৱ'ৰ ৰূপ দেখি পাহৰিব বাহুবলী আৰু ছালাৰ- দাবী নিৰ্মাতাৰ

    ডিজিটেল ডেস্কঃ ছালাৰৰ পাছত জনপ্ৰিয় তাৰকা প্ৰভাসৰ আগন্তুক ছবি হৈছে কল্কি ২৮৯৮ AD। বহু দিনৰে পৰা এই ছবিখনৰ বিষয়ে চৰ্চা চলি আহিছে। প্ৰভাসৰ উপৰিও অমিতাভ বচ্চন, দিশা পাটানী, দীপিকা পাডুকনৰ দৰে বহু অভিনেতা-অভিনেত্ৰীক ছবিখনত মুখ্য চৰিত্ৰত দেখা যাব। কল্কি ২৮৯৮ AD ছবিখনত অনুৰাগীসকলে প্ৰভাসৰ চৰিত্ৰ আৰু লুকৰ বাবে বহুত অপেক্ষা কৰি আছিল। কিন্তু এতিয়া প্ৰভাসৰ লৈ কৰি থকা এই অপেক্ষাৰ অন্ত পৰিল। প্ৰভাসে মুকলি কৰিছে কল্কি ২৮৯৮ ADৰ পৰা প্ৰথম লুক।


    অভিনেতাজনে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত কল্কি ২৮৯৮ ADৰ সৈতে জড়িত প্ৰথম লুকটো শ্বেয়াৰ কৰিছে। প্ৰভাসক এটা চাৱনিৰে বহি থকা দেখা যায়। চকুত চশমা পিন্ধি বাহুত টেটু অংকন কৰা আছে। অভিনেতাগৰাকীয়ে কল্কি ২৮৯৮ ADত নিজৰ চৰিত্ৰ প্ৰকাশ কৰিছে। ছবিখনৰ লগতে কেপচনত লিখিছে ‘তেওঁৰ নাম ভৈৰৱ’। ছচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে প্ৰভাসৰ এই লুক। অনুৰাগীসকলে পোষ্টাৰ তলত মন্তব্য কৰি মনৰ ভাব প্ৰকাশ কৰিছে।


    উল্লেখ্য যে কল্কি ২৮৯৮ AD অহা ৯ মে'ত চিনেমাগৃহত মুক্তি পাবলৈ গৈ আছে। ছালাৰৰ পাছত প্ৰভাসে আকৌ এবাৰ বক্স অফিচত হিট কৰিবলৈ ওলাইছে এখন বিগ বাজেটৰ চিনেমাৰে। ইপিনে বক্স অফিচত বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব কল্কি ২৮৯৮ AD। এইবাৰ ছবিখনে প্লেনেট অৱ দ্য এপছৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। এই প্ৰত্যাহ্বানে প্ৰভাসৰ ছবিখনৰ ব্যৱসায়ত কি প্ৰভাৱ পেলাব সেয়া ক’ব নোৱাৰি, কিন্তু গেটছ চিনেমাই দাবী কৰিছে যে এই সংকটৰ বাবে প্ৰভাসৰ ছবিখনে কম সংখ্যক আইমেক্স থিয়েটাৰ পাব পাৰে।