ডিজিটেল ডেস্কঃ দেশত এতিয়া এখন বিশেষ বিয়াৰ আয়োজনকলৈ বেছ চৰ্চা চলিছে। সেই বিয়া খন হৈছে ৰাঘনীতি , মানে পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাধাৰ বিয়া। ৰাঘনীতিৰ বাগদান অনুষ্ঠান শনিবাৰে সন্ধিয়া ৫ বজাত আৰম্ভ হয়।এই অনুষ্ঠানত ভাগ লোৱাৰ বাবে পৰিণীতিৰ ভগ্নী প্ৰিয়ংকা চোপ্ৰা ইতিমধ্যে দিল্লীত উপস্থিত হয়।
কিন্তু বলীউডৰ 'দেশী গাৰ্লে'য়ে দিল্লীত ভৰি দিয়াৰ লগে লগে এক বিৰক্তিকৰ পৰিস্থিতিৰ মুখামুখী হ’বলগীয়া হয়। এই বিষয়ক এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত এজন ব্যক্তিক বিমানবন্দৰত নিৰাপত্তা বেষ্টনী ভংগ কৰি আৰু প্ৰিয়ংকাৰ সৈতে ছেলফি ল'বলৈ আগবাঢ়ি অহা দেখা গৈছে। মানুহজনক দেখি প্ৰিয়ংকাৰ খুব খং উঠিছিল। প্ৰিয়ংকাই জোৰেৰে ব্যক্তিজনক আঁতৰি থাকিবলৈ কৈছিল।
সূত্ৰ অনুসৰি ৰাঘৱ আৰু পৰিণীতিয়ে নতুন দিল্লীৰ কাপুৰথালা হাইছত আঙুঠি বিনিময় কৰিব। জানিব পৰা মতে আঙুঠি সলনি কৰাৰ অনুষ্ঠান শিখ পৰম্পৰা অনুসৰি সম্পন্ন হ'ব। অনুষ্ঠানত অতিথিসকলৰ বাবে নানান সুস্বাদু খাদ্যৰে ৰাতিৰ আহাৰৰ ব্যৱস্থাও কৰা হৈছে। ৰাঘৱ আৰু পৰিণীতিৰ বাগদান অনুষ্ঠানলৈ মুঠ ১৫০ জন লোকক আমন্ত্ৰণ জনোৱা হৈছে।
প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ ভগ্নীৰ বাগদান অনুষ্ঠানৰ বাবে আমেৰিকাৰ পৰা দিল্লীলৈ আহিছে। আমাজনৰ কাৰ্যবাহী মেনেজাৰ থমাছ ডাৰ্কোৱিজও দিল্লীত উপস্থিত হৈছে। থমাছ পৰিণীতিৰ এজন অতি ঘনিষ্ঠ বন্ধু। ছানিয়া মিৰ্জা, কৰণ জোহৰো অনুষ্ঠানলৈ অহাৰ সম্ভাৱনা আছে বুলি জািব পৰা গৈছে।
Leave A Comment