ডিজিটেল ডেস্কঃ হলিউডৰ অভিনেত্ৰী ৰাচেলে শ্বাহৰুখৰ নতুন ছবি 'পাঠান'ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছে। অৱশ্যে, অভিনেত্ৰীগৰাকীয়ে কৈছে যে শ্বাহৰুখ কোন সেই বিষয়ে তেওঁৰ কোনো ধাৰণাই নাছিল। 'পাঠান'ত অভিনয় কৰাৰ আগতে শ্বাহৰুখ খান কোন সেয়া তেওঁ জনা নাছিল ! ছবিখনত এজন ৰাছিয়ান গুপ্তচৰৰ চৰিত্ৰত অভিনয় কৰা ৰাচেল এন মুলিন্সে এনে দাবীয়েই কৰিছে।
শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদমাধ্যম এটাক দিয়া এক সাক্ষাৎকাৰত ৰাচেলে বলীউডত তেওঁৰ যাত্ৰা আৰু 'পাঠান'ত কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে কয়।
ৰাচেল 'হেপ্পী এণ্ডিংছ' আৰু 'দ্য লীগ'ৰ দৰে শৃংখলাত অভিনয় কৰি বিশ্বত বহুতৰে মাজত পৰিচিত হৈ পৰিছে। তেওঁ হলিউডৰ কেইবাখনো চলচ্চিত্ৰতো কাম কৰিছে। সেই ছবিসমূহৰ ভিতৰত 'নেইবাৰছ ' আৰু 'এণ্টোৰেজ' আদি অন্যতম। এইবাৰ ৰাচেলে পোনপটীয়াকৈ বলীউডলৈ আহি নিজৰ ভাগ্য পৰীক্ষা কৰিবৱ বিচাৰিছে। প্ৰথম প্ৰচেষ্টাতেই তেওঁ সফল হৈছে। 'পাঠান'ত ৰাচেলে এলিছ নামৰ এগৰাকী ৰাছিয়ান গুপ্তচৰৰ চৰিত্ৰত অভিনয় কৰিছে।
ৰাচেলে কয় যে যেতিয়া তেওঁ ভাৰতত ভৰি দিছিল, তেতিয়া তেওঁ বলীউডত কেনে ধৰণৰ চলচ্চিত্ৰ নিৰ্মাণ কৰা হয় সেই বিষয়ে একো নাজানিছিল। কিন্তু যেতিয়া তেওঁ 'পাঠান'ত কাম কৰিলে তেওঁ লাহে লাহে বলীউডৰ বিষয়ে বুজি উঠিবলৈ ধৰিলে।
Leave A Comment