ডিজিটেল ডেস্কঃ চৰ্চাত আছে ৰাঘৱ চাধা আৰু পৰিণীতি চোপ্ৰাৰ বিবাহ। দুয়োজন দুখন ক্ষেত্ৰত প্ৰতিষ্ঠিত তাৰকা। কিন্তু কিমান সম্পতি আছে তেওঁলোকৰ? কোন বেছিি ধনী? ৰাঘৱ নে পৰিণীতি?
বলিউডৰ সূত্ৰ অনুসৰি উপাৰ্জনৰ ক্ষেত্ৰত পৰিনীতি ৰাঘৱতকৈ বহু আগবাঢ়ি আছে। গুজৱ ওলাইছে যে ৰাঘৱৰ ৩৭ লাখ টকাৰ সম্পত্তি আছে।
সূত্ৰ অনুসৰি, অভিনেত্ৰীগৰাকীৰ বাৰ্ষিক আয় প্ৰায় ৫ কোটি টকা। অৰ্থাৎ পৰিনীতিৰ আয় মাহে ৪০ লাখ টকা। পৰিনীতিৰ সম্পত্তিৰ পৰিমাণ ৬৬ কোটি টকা। বিলাসী ঘৰ, গাড়ীৰ পৰা আৰম্ভ কৰি অভিনেত্ৰীগৰাকীৰ কি নাই!
ছবিৰ উপৰিও পৰিনীতিয়ে কেইবাটাও বিখ্যাত কোম্পানীৰ বিজ্ঞাপনত অভিনয় কৰিছিল। পৰিনীতিৰ মুম্বাইত সাগৰমুখী এপাৰ্টমেণ্ট আছে। এই ঘৰটোৰ সম্ভাৱ্য বজাৰ মূল্য ২২ কোটি টকা।
বিখ্যাত ব্ৰেণ্ডৰ গাড়ী সংগ্ৰহ কৰাৰ চখ পৰিনীতিৰ। তেওঁৰ অ’ডি আৰু জাগুয়াৰ গাড়ীৰ কেইবাটাও মডেল আছে। বেছিভাগ সময়তে পৰিনীতিক নিজৰ জাগুয়াৰ এক্সজেএল মডেল গাড়ীত যাত্ৰা কৰা দেখা যায়।
Leave A Comment