ডিজিটেল ডেস্কঃ অনুৰাগীৰ কৌতূহলৰ অৱসান ঘটাই সুনীল ছেট্টীৰ জীয়ৰী আথিয়া আৰু ক্ৰিকেটাৰ কে এল ৰাহুল বিয়াৰ দিন খাটাং হৈছে৷ জানুৱাৰী মাহত বিবাহপাশত আৱদ্ধ হ'বলৈ সাজু হৈছে দুয়োৱে। তেওঁলোকৰ প্ৰেম আৰু বিবাহকলৈ কেইমাহমানৰ বাবে বলীউডত নানান কথা ওলাই আছিল৷অৱশেষত তেওঁলোকে বিবাহপাশত আৱদ্ধ হ'বলৈ চূড়ান্ত সিদ্ধান্ত লৈছে।
সূত্ৰ অনুসৰি ৰাহুল আৰু আথিয়াৰ বিবাহ অনুষ্ঠান ২১ ৰ পৰা ২৩ জানুৱাৰীলৈ তিনিদিন ধৰি অনুষ্ঠিত হ'ব। বিয়াৰ বাবে অতিথিসকললৈ ইতিমধ্যে নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা আৰম্ভ হৈছে।
আথিয়াৰ পিতৃ সুনীল ছেট্টীয়ে স্পষ্ট কৰি দিছে যে ৰাহুল এতিয়া যথেষ্ট ব্যস্ত৷ সেয়েহে বিয়াৰ বাবে সময় উলিওৱাটো তেওঁৰ বাবে অতি কঠিন হৈ পৰিছে। আথিয়া আৰু ৰাহুলৰ বিয়াৰ বাবে পৰিয়ালৰ সদস্যসকলে প্ৰস্তুতি চলোৱা আৰম্ভ কৰিছে বুলি খবৰ ওলাইছে৷ তেওঁলোকৰ পৰিয়ালক বহুতে বজাৰ কৰাও দেখা বুলি দাবী কৰিছে। আনকি বিয়াৰ স্থানো ঠিক হৈছে ।বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ৰাহুল-আথিয়াৰ বিয়া ভাৰততে হ’ব, বিদেশত নহয়৷ সূত্ৰ অনুসৰি বিবাহ অনুষ্ঠানখন খাণ্ডালাৰ সুনীল ছেট্টীৰ বাংলো জাহানত অনুষ্ঠিত হ'ব।
পূৰ্বে খবৰ পোৱা গৈছিল যে তেওঁলোকে বান্দ্ৰাত এটা চাৰিটা কোঠাৰ ফ্লেট ভাড়ালৈ লৈছিল। যাৰ মাহিলী ভাড়া হৈছে ১০ লাখ টকা। সেই ফ্লেটৰ খিৰিকী খুলিলেই আৰৱ সাগৰখন দেখা যায়৷ সুনীল ছেট্টীৰ পৰিয়াল মাংগালুৰুৰ পৰা মুম্বাইলৈ আহিছিল। ৰাহুলৰ পৰিয়ালৰো তাত এটা ঘৰ আছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে বিবাহখন দক্ষিণ ভাৰতীয় পৰম্পৰাত তেওঁলোকৰ বিয়া হ’ব৷ জানিব পৰা মতে বিয়াৰ পিছতে ৰাহুল-আথিয়াই নতুনকৈ ভাড়াত লোৱা ফ্লেটত বাস কৰা আৰম্ভ কৰিব।
Leave A Comment