• ৰণবীৰৰ ৰামায়নঃ জড়িত হ’ব হলিউডৰ আগশাৰীৰ প্ৰডাকচন হাউচ!

    মনোৰঞ্জন
    ৰণবীৰৰ ৰামায়নঃ জড়িত হ’ব হলিউডৰ আগশাৰীৰ প্ৰডাকচন হাউচ!
    ডিজিটেল ডেস্কঃ ‘কলকী ২৮৯৮ খৃষ্টাব্দ’ আৰু ‘পুষ্পা ২’ৰ পাছত ‘ৰামায়ণ’ হৈছে আটাইতকৈ প্ৰত্যাশিত ছবি। নিতেশ তিৱাৰীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনক লৈ দৰ্শকৰ উন্মাদনা অধিক। ইতিমধ্যে মুম্বাই ফিল্ম চিটিত শ্বুটিং আৰম্ভ হৈছে। 

    ‘ৰামায়ণ’ ছবিৰ প্ৰযোজকগৰাকীয়ে বিদেশী প্ৰডাকচন কোম্পানীৰ সৈতে যোগ দিব। গুজৱ উলািছে প্ৰযোজক নমিত মালহোত্ৰাই আমেৰিকাৰ প্ৰডাকচন হাউছ ‘ৱাৰ্নাৰ ব্ৰাদাৰ্ছ’ৰ সৈতে চুক্তিবদ্ধ কৰাৰ চেষ্টা কৰিছে। 

    আৰম্ভণিৰে পৰাই ‘ৰামায়ণ’ক আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন ছবি হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। ছবিখনৰ বাজেটৰ ক্ষেত্ৰত নিৰ্মাতাসকলে আপোচ কৰা নাই। কোৱা হৈছে যে ছবিখনৰ নিৰ্মাণতেই নহয়, প্ৰচাৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ স্পৰ্শ থাকিব।