comScore
  • ইডিৰ চমন লাভ কৰাৰ পিছতে অসুস্থ ৰণবীৰ কাপুৰ ! বিষণ্ণ বদনেৰে খৰখেদাকৈ গ’ল ক্লিনিকলৈ

    মনোৰঞ্জন
    ইডিৰ চমন লাভ কৰাৰ পিছতে অসুস্থ ৰণবীৰ কাপুৰ ! বিষণ্ণ বদনেৰে খৰখেদাকৈ গ’ল ক্লিনিকলৈ
    ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰ  হঠাতে হৈ পৰিছে নেকি অসুস্থ?  বেটিং এপ কেলেংকাৰি সন্দৰ্ভত ইডিয়ে  মাতি  পঠিওৱাৰ পিছতে অভিনেতাজন অসুস্থ হৈ পৰা বুলি বিভিন্ন মহলত আলোচনা হৈছে।  শনিবাৰে পুৱা ৰণবীৰ কাপুৰক ক্লিনিকৰ বাহিৰত অকলে দেখা যায়। এটা ৰঙা টি-চাৰ্ট পিন্ধি তেওঁ খৰ গতিৰে ক্লিনিকলৈ সোমাই গৈছিল।  

    তেওঁৰ মুখত চিন্তাৰ ৰেখা বিদ্যমান হৈ আছিল। ফটোগ্ৰাফাৰসকলক দেখি তেওঁ বিৰক্ত হৈছিল। বুধবাৰে, মহাদেৱ বেটিং এপ কেলেংকাৰীৰ সন্দৰ্ভত ৰণবীৰ কাপুৰক ইডিয়ে মাতি পঠিয়াইছিল। ৰণবীৰে শুক্ৰবাৰে ছত্তীশগড়ৰ ৰায়পুৰৰ ইডি কাৰ্যালয়ত হাজিৰ হোৱাৰ কথা আছিল। অৱশ্যে তেওঁ ইডিৰ পৰা দুসপ্তাহ সময় বিচাৰিছিল। এই ঘটনাটোৱে ৰণবীৰক কিছু পৰিমাণে জোকাৰি যোৱাটো শেহতীয়া ভাইৰেল ভিডিঅ'ৰ পৰা স্পষ্ট হৈ পৰিছে।
     


    ৰণবীৰ কাপুৰে আজি পুৱাই চিন্তিত মুখেৰে  চিকিৎসকৰ চেম্বাৰৰ বাহিৰত উপস্থিত হৈছিল। ৰণবীৰৰ সেই ভিডিঅ'টো চোৱাৰ পিছত তেওঁৰ  অনুৰাগীসকল চিন্তিত হৈ পৰিছে। তেওঁলোক কৌতূহলী,  অভিনেতাজন সঁচাকৈয়ে অসুস্থ নেকি?

    ৰণবীৰ এই অনলাইন বেটিং এপ কেলেংকাৰীত পোনপটীয়াকৈ জড়িত নহ'বও পাৰে। সেয়েহে, তেওঁক অভিযুক্ত হিচাপে মতা  হোৱা নাই । কোম্পানীৰ পৰা তেওঁ লাভ কৰা ধনৰ উৎস, বা সেই কোম্পানীৰ বিত্তীয় লেনদেনৰ বিষয়ে তেওঁৰ ওচৰত কি তথ্য আছে জানিবলৈহে তেওঁক সোধা-পোছাৰ বাবে মতা হৈছে বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে।