• ৰণবীৰ সিঙৰ বিস্ফোৰক মন্তব্য- বলিউডী কেৰিয়াৰৰ আৰম্ভণিতে সন্মুখীন হৈছিল যৌন আতিশয্যৰ!

    মনোৰঞ্জন
    ৰণবীৰ সিঙৰ বিস্ফোৰক মন্তব্য- বলিউডী কেৰিয়াৰৰ আৰম্ভণিতে সন্মুখীন হৈছিল যৌন আতিশয্যৰ!

    ডিজিটেল ডেস্কঃ কাষ্টিং ক’চ৷ বলিউডত প্ৰায়ে কাষ্টিং ক’চ তথা প্ৰযোজক পৰিচালকসকলৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ উঠি আহিছে৷ শৰীৰৰ বিনিময়ত চিনেমা৷ বহুকেইগৰাকী বিখ্যাত অভিনেত্ৰীয়ে ‘মি টু’ৰ দৰে আন্দোলনত অংশ লৈ এই অভিযোগসমূহ কৰি আহিছে৷


    কেৱল অভিনেত্ৰীয়েই নহয়, অভিনেতাসকলো এই যৌন আতিশয্যৰ বলি হৈছে৷ শেহতীয়াকৈ ৰণবীৰ সিঙে এই সম্পৰ্কত এটা বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে৷ বলিউডৰ বিখ্যাত পৰিচালকৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ আনিছে ৰণবীৰে৷


    উল্লেখ্য যে বলিউডত ৰণবীৰে এগৰাকী কপিৰাইটাৰ হিচাপে প্ৰথমে কাম কৰিছিল৷ তাৰপাছতহে অভিনয়ক পেছা হিচাপে নিৰ্বাচন কৰে৷ নানা ধৰণৰ অভিজ্ঢ়তাৰ মাজেৰে এই সময়ছোৱা ৰণবীৰে পাৰ কৰিছিল৷


    তাৰে এটি অভিজ্ঢ়তাৰ বিষয়ে মুখ খুলিছে অভিনেতাজনে৷ অভিজ্ঢ়তাটো এনেধৰণৰ- বলিউডৰ এটা তাৰকাখচিত পাৰ্টিত ৰণবীৰক এগৰাকী বিখ্যাত প্ৰযোজকে নিমন্ত্ৰণ কৰিলে৷ কিন্তু নিমন্ত্ৰণ কৰি নি ৰণবীৰৰ গাত তেওঁ নিজৰ কুকুৰটো মেলি দিয়ে আৰু ৰং চায়৷ অভিজ্ঢ়তাটোৰ বিষয়ে সোঁৱৰণ কৰি ৰণবীৰে অৱশ্যে প্ৰযোজক গৰাকীৰ নাম উল্লেখ কৰা নাই৷


    কেৱল সেয়াই নহয়, আন এগৰাকী প্ৰযোজকে তেওঁক এখন গোপনীয় স্থানলৈ মাতি নিয়ে৷ তালৈ মাতি নি প্ৰযোজকজনে ৰণবীৰক সোধে যে তেওঁ নিজকে পৰিশ্ৰমী বুলি ভাবে নে বুদ্ধিমান? ৰণবীৰে উত্তৰ দিয়ে যে তেওঁ পৰিশ্ৰমী আৰু সিমান বুদ্ধিমান নহয়৷ ৰণবীৰৰ উত্তৰত প্ৰযোজকগৰাকী হতাশ হয়৷


    এনেধৰণৰ তিক্ত অভিজ্ঢ়তাৰে বলিউডত সংগ্ৰামৰ অন্তত সফলতাৰ মুখ দেখিছে ৰণবীৰে৷ বৰ্তমান সময়ত তেওঁক বলিউডৰ আগশাৰীৰ অভিনেতা হিচাপে গণ্য কৰা হয়৷