comScore
  • নিৰাৱৰণ! বিতৰ্কৰ মাজতে অভিনেতাৰ মন্তব্য, ‘কেমেৰাৰ সন্মুখত নগ্ন হোৱাটো সাধাৰণ কথা...’

    মনোৰঞ্জন
    নিৰাৱৰণ!  বিতৰ্কৰ মাজতে অভিনেতাৰ মন্তব্য, ‘কেমেৰাৰ সন্মুখত নগ্ন হোৱাটো সাধাৰণ কথা...’
    ডিজিটেল ডেস্কঃ চৰ্চাত ৰণবীৰ সিং। অদ্ভুত পোছাক পৰিধানৰ বাবে প্ৰায়ে চৰ্চাত থাকে তেওঁ। পিছে এইবাৰ আলোচনাৰ প্ৰসংগলৈ অহাৰ কাৰণ বেলেগ। এইবাৰ কাপোৰ নিপিন্ধাকৈয়ে নিজৰ সুশ্ৰী শৰীৰ দেখুৱাইছে ৰণবীৰ সিঙে। ৰণবীৰে আমেৰিকান পপ আইকন বাৰ্ট ৰেইনল্ডছৰ ষ্টাইলত কাশ্মীৰী কাৰ্পেটত দিছে প’জ। 

    হাতেৰে ব্যক্তিগত অংগ ঢাকি প’জ দিছে জনপ্ৰিয় অভিনেতাগৰাকীয়ে। জ্বলি উঠিল কেমেৰা, লেন্সবন্দী হ’ল ৰণবীৰৰ দুৰ্লভ ছবি।  আলোচনীৰ ক’ভাৰ পেজৰ বাবে ৰণবীৰৰ এই ফটো শ্বুট বুলিয়েই ছ’চিয়েল মিডিয়াত হৈ পৰিল ভাইৰেল।

    ৰণবীৰৰ এই নগ্ন ফটোখনক লৈ ছ’চিয়েল মিডিয়াত ভাহি আহিছে বহু মন্তব্য। সমালোচনা, তুচ্ছ-তাচ্ছিল্যৰ মাজতে একাংশ অনুৰাগীয়ে প্ৰশংসাৰে উপচাই দিছে প্ৰিয় অভিনেতাগৰাকীক। এজন অনুৰাগীয়ে লিখিছে, ‘ৰণবীৰ নিজৰ যৌনতাক লৈ অতি আত্মবিশ্বাসী, যিটো ভাল লাগে। এই মুহূৰ্তত বলীউডৰ আটাইতকৈ ছেক্সী তাৰকা ৰণবীৰ।’ কোনোবাই ভ্ৰু কোঁচাই আকৌ তেওঁৰ নগ্নতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। কেমেৰাৰ সন্মুখত উলংগ হৈ ৰণবীৰে যেন সোঁৱৰাই দিলে উলংগ হোৱাত তেওঁৰ কোনো সমস্যা নাই।

    এই প্ৰসংগত ৰণবীৰ কয়, ‘কেমেৰাৰ সন্মুখত পোছাক খোলাটো এনে কি আচৰিত হ’বলগীয়া বিষয়! অভিনয়ৰ প্ৰয়োজনীয়তাত মই হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত মোৰ আত্মাক উলংগ ৰূপত উদঙাই দিছো আৰু সেয়াই হৈছে প্ৰকৃত উলংগৰ সংজ্ঞা। কামৰ বাবে উলংগ হ’বলৈ মই সদা প্ৰস্তুত। কিন্তু সমস্যাটো হ’ল, সন্মুখৰ মানুহখিনি অপ্ৰস্তুত হৈ পৰে৷’ 

    অৱশ্যে, এইবাৰে প্ৰথম নহয় ২০১৭ চনত বাথটাবত পৰি অৱস্থাত প’জ দিছিল বলীউডৰ ‘খিলজী’য়ে। তেতি য়াও ৰণবীৰৰ অদ্ভুদ ফটো শ্বুটক লৈ কম চৰ্চা হোৱা নাছিল।