comScore
  • ৫৩ বছৰৰ পাছত যুগৰ লগত খোজ মিলাই ৰাইজৰ মাজলৈ আহিছে ডক্তৰ বেজবৰুৱা: বিশিষ্ট অভিনেত্ৰী সন্ধ্যা দেৱীৰ অনুভৱ

    মনোৰঞ্জন
    ৫৩ বছৰৰ পাছত যুগৰ লগত খোজ মিলাই ৰাইজৰ মাজলৈ আহিছে ডক্তৰ বেজবৰুৱা: বিশিষ্ট অভিনেত্ৰী সন্ধ্যা দেৱীৰ অনুভৱ
    ডিজিটেল ডেস্ক: ১৯৬৯ চনত ৰংঘৰ চিনে Productionয়ে মুক্তি দিয়া ডক্তৰ বেজবৰুৱা চাইছিলোঁগৈ নতুন বোৱাৰী ৰূপেৰে৷ সুন্দৰ কাহিনী, সুন্দৰ গীতৰ সমাহাৰেৰে এখন সুন্দৰ কথাছবি৷ ডিব্ৰুগড়তে প্ৰায়বোৰ শ্বুটিং হোৱাৰ বাবে বহুতো শিল্পীক চিনি পাইছিলোঁ৷

    কাহিনীটো সচৰাচৰ প্ৰেমৰ কাহিনী নাছিল৷ ই আছিল এক ৰহস্যময় কাহিনী৷ ২৩/২৪বছৰ বয়সত কাহিনী সম্পূৰ্ণকৈ মনত নৰ’ল যদিও সংগীতৰ লগত জড়িত বাবেই প্ৰতিটো গীত বা গীতৰ দৃশ্যাংশ আজিও মনত আছে৷ ক’লা-বগা এই ছবিখনে সেইসময়ত সমাজত সাংস্কৃতিক জোৱাৰ  আনিছিল৷ নিপন গোস্বামীৰ ধুনীয়া মুখখন আৰু অভিনয় চাবৰ বাবে সকলো উদ্বাউল আছিল৷

    কালি ৭৬বছৰ বয়সত হাতত লাখুটি লৈ আৰু ৮৫বছৰ বয়সীয়া গৃহস্থক সঙ্গী কৰি ডক্তৰ বেজবৰুৱা-২ চালোগৈ৷ মনত সেই ৫৩ বছৰ আগৰ উদ্যম লৈ৷ সচাঁয়েই ডক্তৰ বেজবৰুৱাই নতুন সাজেৰে ৰাইজৰ মাজলৈ আহিল৷ ৫৩বছৰৰ পাছত যুগৰ লগত খোজ মিলাই একে কাহিনী, একে গীতৰ সুৰেৰে কিযে এক সুন্দৰ ছবি! সকলোৰে অভিনয় উচ্চ মানৰ৷ 

    তাতে জুবিনৰ অভিনয়ত এইটো নিশ্চিত হ’লো যে জুবিনে সুন্দৰ গীতেই নাগায়, তেওঁ সুন্দৰ অভিনয়ো কৰে৷ তেওঁৰ লগত চৰিত্ৰটো খাপ খাই পৰিছিল৷ ডক্তৰ বেজবৰুৱাই বলীউডৰ কথাছবিৰ লগত অনায়াসে ফেৰ মাৰিব পাৰিব৷ এনেধৰণৰ সাংস্কৃতিক প্ৰচেষ্টাৰ বাবে ডক্তৰ সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াৰ শলাগ ল’লো৷ প্ৰয়াত অভিনেতা নিপন গোস্বামীৰ সপোন সাকাৰ ৰূপ লোৱাত যথেষ্ট আনন্দিত হ’লো৷ তেখেতৰ আত্মাই সন্তুষ্টি লাভ কৰক৷
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388