ডিজিটেল ডেস্ক: ছয়গাঁৱৰ এটা মফচলীয় অঞ্চলৰ পৰা গৈ বিশ্বমঞ্চত নিজৰ নাম সোণালী আখৰেৰে লিখিবলৈ সক্ষম হৈছে ৰীমা দাসে৷
সংগ্ৰাম, সাধনা আৰু ঐকান্তিক প্ৰচেষ্টাৰে চিনেমাৰ ক্ষেত্ৰখনত সফলতাৰ এটাৰ পাছত আন এটা অধ্যায় লিখি অসমক ৰীমা দাসে দিছে নতুন পৰিচিতি৷ এই পৰিচিতি কেতিয়াবা আহিছে ভিলেজ ৰকষ্টাৰ্চ, কেতিয়াবা বুলবুল কেন ছিং-এৰে৷
এইবেলি ৰীমা দাসৰ নতুন চিনেমা ‘তৰা’ছ হাজবেণ্ড’এও দেশে-বিদেশে বুটলিছে সফলতাৰ মণি-মুকুতা৷
‘তৰা’ছ হাজবেণ্ড’ৰ বাবেও ৰীমা দাসে দেশৰ পৰিধি ভাঙি বিদেশৰ মাটিতো লাভ কৰিছে অলেখ সন্মান৷ শেহতীয়াকৈ এই চিনেমাখনৰ বাবে ১৬সংখ্যক এছিয়া পেচিফিক স্ক্ৰীণ এৱাৰ্ডচ-২০২৩ত ৰীমা দাসক শ্ৰেষ্ঠ পৰিচালকৰ বাবে মনোনীত কৰা হৈছে।
এই সন্মান লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে পৰিচালক ৰীমা দাস৷ ছ’চিয়েল মিডিয়াযোগে এই খবৰ সদৰী কৰি ৰীমা দাসে দৰ্শক আৰু অসমবাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷
Leave A Comment