ডিজিটেল ডেস্কঃ বাৰ্লিন ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত ইউৰোপীয়ান প্ৰিমিয়াৰ হ'ব ৰীমা দাসৰ নতুন চিনেমাৰ। ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত যশস্বী চলচিত্ৰ নিৰ্মাতা ৰীমা দাসে ৰচনা, পৰিচালনা আৰু প্ৰযোজনা কৰা ছিকুৱেল 'ভিলেইজ ৰকষ্টাৰ্ছ ২'ৰ ইউৰোপীয়ান প্ৰিমিয়াৰ হ'ব বাৰ্লিন ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল ২০২৫ত।
এই চলচিত্ৰ মহোৎসৱখন বাৰ্লিনত ১৩ ফেব্ৰুৱাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। 'বুলবুল কেন ছিঙ'ৰ পাছত বাৰ্লিনত ৰীমা দাসৰ এইখন দ্বিতীয় চিনেমা। বুলবুল কেন ছিঙে বাৰ্লিনত ২০১৯ চনত 'জেনেৰেছন ১৪ plus' ত 'স্পেচিয়েল মেনছন' পাইছিল আৰু তাৰ পাছৰ বছৰ অৰ্থাৎ ২০২০ত বাৰ্লিনত একেটা শাখাত ৰীমা দাস আছিল জুৰী সদস্য।
উল্লেখ্য যে, ২৯ সংখ্যক বুছান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত ৱৰ্ল্ড প্ৰিমিয়াৰ হোৱা এই Village Rockstars 2 য়ে শ্ৰেষ্ঠ চিনেমা হিচাপে সন্মানীয় Kim Jiseok বঁটা লাভ কৰিছিল। মামি মুম্বাই ফিল্ম ফেষ্টিভেলত এই চিনেমাখনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ হৈছিল। এই চিনেমাখন হৈছে Village Rockstars ৰ ছিকুৱেল। স্মৰ্তব্য যে, Village Rockstars চিনেমাখনৰ ২০১৭ৰ টৰ'ণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত প্ৰিমিয়াৰ হৈছিল। ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক চৰ্চা লাভ কৰা এই চিনেমাখনে ২০১৮ চনৰ শ্ৰেষ্ঠ চিনেমা হিচাপে ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা লাভ কৰিছিল আৰু চিনেমাখন আছিল ২০১৯ চনৰ একাডেমি এৱাৰ্ডছলৈ ভাৰতৰ অফিচিয়েল এণ্ট্ৰি।
ফ্লাইং ৰিভাৰ ফিল্ম, অকাংগা ফিল্ম এছিয়াই প্ৰয়োজনা কৰা Village Rockstars 2 চিনেমাখনত অভিনয় কৰিছে ভনিতা দাস, বাসন্তী দাস, জুনুমণি বড়ো, বলোৰাম দাস, মানৱেন্দ্ৰ দাসে।
Village Rockstars 2 ৰ এই সফলতাত আনন্দিত হৈ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চিনেমা নিৰ্মাতা ৰীমা দাসে কয়, "বাৰ্লিনলৈ যোৱাটো মোৰ বাবে সদায় এক অবিস্মৰণীয় অভিজ্ঞতা। বিশ্বৰ নানা দেশৰ দৰ্শকৰে এয়া এক সুন্দৰ ফিল্ম ফেষ্টিভেল আৰু মই বাৰ্লিনৰ শীতৰ এই পৰিৱেশ ভাল পাওঁ। এছিয়াৰ সন্মানীয় ফিল্ম ফেষ্টিভেলসমূহত সহাঁৰিৰ দেখা পোৱাৰ পাছত এতিয়া আমি বাৰ্লিনতো দৰ্শকৰ সৈতে সংযুক্ত হ'বলৈ উৎকণ্ঠিত। এয়া এটা বৃত্তৰ সম্পূৰ্ণ হোৱাৰ দৰে অনুভৱ।" ৰীমা দাসে পুনৰ কয়, 'আমাৰ এই চিনেমাখনৰ বিষয়ে বিভিন্ন মানুহে কৰা মন্তব্যত মই আনন্দিত। বহু লোকে জনাইছে, Village Rockstars ৰ সৈতে মোৰ আন্তৰিক আৰু নিবিড় সম্পৰ্ক চিনেমাখনত প্ৰতিফলিত হোৱাটো তেওঁলোকে লক্ষ্য কৰিছে। Village Rockstars 2 বাৰ্লিনত প্ৰদৰ্শন হ'বলৈ যোৱাটোৱে আমাক শিহৰিত কৰিছে আৰু আমি নতুন অভিজ্ঞতা আৰু সম্ভাৱনা অন্বেষণ কৰিব পাৰিম বুলি আশাবাদী।'
থোৰতে কাহিনীটো এখন গাঁৱৰ এগৰাকী কিশোৰীয়ে তেওঁৰ সাংগীতিক সপোন পূৰণ কৰাৰ পথ বিচাৰে। কিন্তু জীৱনৰ কঠোৰ বাস্তৱতা তাইৰ সৰলতাৰ প্ৰত্যাহ্বান হৈ পৰে। এনে দ্বন্দ্বৰ মাজেৰে সংগীত আৰু জীৱনৰ অংগাংগী সম্পৰ্ক পুনৰ আৱিষ্কাৰ কৰাৰ যাত্ৰাৰে তাই সপোনৰ নতুন সমলয় আৰু সুৰ সমাহাৰৰ অভিমুখী হয়।
Leave A Comment