• ছ’চিয়েল মিডিয়াত কোনো একাউণ্ট নাই ছেইফ আলী খানৰ! কাৰণ কি?

    মনোৰঞ্জন
    ছ’চিয়েল মিডিয়াত কোনো একাউণ্ট নাই ছেইফ আলী খানৰ! কাৰণ কি?
    ডিজিটেল ডেস্কঃ বলীউডৰ বেছিভাগ তাৰকা ছ’চিয়েল মিডিয়াত অতি সক্ৰিয়। এই তাৰকাসকলে প্ৰায়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীক নিজৰ জীৱনৰ আপডেট দি থাকে। বলীউডৰ কিছুমান অভিনেতা আছে যিয়ে ছ’চিয়েল মিডিয়াৰ পৰা দূৰত্ব বজাই ৰাখে। ছেইফ আলী খান তাৰ ভিতৰত অন্যতম। শেহতীয়াকৈ এক সাক্ষাৎকাৰত ছেইফ আলী খানে ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থকাৰ আঁৰৰ কাৰণ প্ৰকাশ কৰিছে। 
    Saif Ali Khan: I have regrets but not very serious ones || Saif Ali Khan: I  have regrets but not very serious ones
    ছেইফ আলী খানে যে তেওঁ কথাবোৰ ৰেক’ৰ্ডিং আৰু ডকুমেণ্ট কৰি ভাল পায়। অৱশ্যে যিকোনো কথাতে বিভিন্ন জনে বিভিন্ন পৰামৰ্শ দিয়া বাবেই তেওঁ কোনো ফটো বা তেওঁৰ লগত জড়িত কথাবোৰ প’ষ্ট নকৰে। ছেইফৰ মতে ছ’চিয়েল মিডিয়াত সকলো বস্তুৱেই অতি কৃত্ৰিম। যিকোনো কথা পোষ্ট কৰাৰ আগতে বহুবাৰ চিন্তা কৰিব লাগে। তেওঁ লগতে কয় যে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্ট চম্ভালিবলৈ তেওঁ এজন মেনেজাৰ নিয়োগ কৰিব লাগিব। সেইবাবেই তেওঁ এই সকলোবোৰৰ হেঁচাত সোমাব নিবিচাৰে।
    Saif Ali Khan says he wants to act in Mahabharata: 'If someone makes it  like…' | Bollywood - Hindustan Times
     ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম ক'তোৱেই নাই ছেইফ আলী খান। অৱশ্যে তেওঁ প্ৰকাশ কৰে যে মাত্ৰ এটা কথাইহে তেওঁক এদিন ছ’চিয়েল মিডিয়াৰ সৈতে সংযোগ কৰিব পাৰে। ছেইফৰ মতে, ছ’চিয়েল মিডিয়াৰ জৰিয়তে উপাৰ্জনৰ দিশটো চাই তেওঁ হয়তো এদিন ছ’চিয়েল মিডিয়াত যোগদান কৰাৰ কথা চিন্তা কৰিব পাৰে।
    Saif Ali Khan On Staying Away From Social Media: 'It Is A Dangerous Place'
    ছেইফ আলী খানৰ নিজা কোনো একাউণ্ট নাই। তেওঁৰ ফেন ক্লাৱে দুই এটা একাউণ্ট খুলি ৰাখিছে, যি একাউণ্টৰ সৈতে তেওঁ জড়িত নহয়।