comScore
  • বিগ বছৰ পৰা আঁতৰ কৰক ছাজিদ খানক! দিল্লীৰ মহিলা আয়োগে পত্ৰ প্ৰেৰণ কৰিলে তথ্য-সম্প্ৰচাৰ মন্ত্ৰালয়লৈ

    মনোৰঞ্জন
    বিগ বছৰ পৰা আঁতৰ কৰক ছাজিদ খানক! দিল্লীৰ মহিলা আয়োগে পত্ৰ প্ৰেৰণ কৰিলে তথ্য-সম্প্ৰচাৰ মন্ত্ৰালয়লৈ
    ডিজিটেল ডেস্কঃ বলিউডৰ ছৱি পৰিচালক ছাজিদ খানক বিগ বছৰ পৰা আতৰ কৰিবলৈ দাবী উত্থাপন কৰিছে দিল্লী কমিছন ফৰ ৱমেনে। পৰিচালকগৰাকীৰ ওপৰত যৌন আতিশয্যৰ অভিযোগৰ ভিত্তিত কমিছনৰ অধ্যক্ষ স্বাতী মালিৱালে এই সংক্ৰান্তত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।

    পত্ৰখনত লিখা হৈছে যে মি-টু আন্দোলনৰ সময়ত ছাজিদ খানৰ বিৰু্দ্ধে কেইবাগৰাকীও মহিলাই যৌন আতিশয্যৰ অভিযোগ তুলিছিল। এই অভিযোগসমূহে ছাজিদ খানৰ বিকৃত মানসিকতা উদঙাই দিয়া বুলি অধ্যক্ষ মালিৱালে এটা টুইট কৰিছে।

    উল্লেখযোগ্য যে বিগ বছৰ ১৬ সংখ্যক চিজনৰ প্ৰথম এপিচ’ডটো ১ অক্টোবৰ তাৰিখে সম্প্ৰচাৰ কৰা হৈছিল। চলমান খানৰ এই ৰিয়েলিটি শ্ব’টোত ছাজিদ খানেও অংশ হৈছে।

    স্বাতী মালিৱালে কয় যে যৌন আতিশয্যৰ অভিযোগ থকা ছাজিদ খানক এইদৰে এটা ৰিয়েলিটি শ্ব’ত অংশ ল’বলৈ দিয়াটো ভুল। সেইবাবেই তেওঁৰ বিৰুদ্ধে তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰা হৈছে।

    উল্লেখযোগ্য যে ছাজিদ খানৰ ওপৰত যৌন আতিশয্যৰ অভিযোগ উঠাৰ পাছতে ২০১৮ চনত ইণ্ডিয়ান ফিল্ম এণ্ড টেলিভিছন ডাইৰেক্টৰ’ছ এছ’চিয়েচনে নিলম্বন কৰিছিল। তদুপৰি তেওঁ পৰিচালনা কৰিবলগা হাউচফুল ৪ নামৰ চিনেমাখনৰ পৰাও বাদ দিয়া হৈছিল।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388