National
ডিজিটেল ডেস্ক : বলীউডৰ দবাংগ আৰু
আমাৰ সকলোৰে ভাইজান ছলমান খানে অহা কালি ৫৭সংখ্যক জন্মদিন পালন কৰিব। বলীউড উদ্যোগত
ছলমালৰ এক বিশেষ পৰিচয় আছে। কেৱল দেশতে নহয় বিদেশতো কোটি কোটি অনুৰাগী আছে ছলমান
খানৰ।ভাইজানে নিজৰ অনুৰাগীক বহু ব্লকবাষ্টাৰ চিনেমা উপহাৰ দিছে। ছলমান খান নিজৰ ফিটনেছৰ
প্ৰতি অতি সচেতন আৰু বহু লোকৰ বাবে ফিটনেছ আইডলো। তেওঁৰ ৫৭ বছৰীয়া জন্মদিনত সুস্থ আৰু
ফিটনেছৰ আঁৰৰ ৰহস্য জানো আহক।
ছালমান খানৰ খাদ্যৰ তালিকা-
ছলমান খানে নিজৰ খাদ্য-পানীয়ৰ
প্ৰতি বিশেষ গুৰুত্ব দিয়ে। সেয়েহে তেওঁ ব্ৰেকফাষ্টত কণীৰ কুহুম আৰু কম চৰ্বিযুক্ত
গাখীৰ খায়।
দেশী আৰু ইটালীয় খাদ্য-
ছলমান খানে তেওঁৰ সাক্ষাৎকাৰত বহুবাৰ
কৈছে যে তেওঁ অতি খাদ্যপ্ৰেমী। ভাইজানে দেশী আৰু ইটালীয় খাদ্য খাবলৈ ভালপায়। ইয়াৰ
বাহিৰেও ভাইজানে অত্যধিক মিঠা আৰু প্ৰচেছড খাদ্য খোৱাৰ পৰা বিৰত থাকে।
উচ্চ বিপাকীয় ক্ৰিয়া-
শৰীৰৰ বিপাকীয় ক্ৰিয়া উচ্চ কৰি
ৰাখিবলৈ ছলমান খানে দৈনিক ৫-৬বাৰ খাদ্য খায়। দুপৰীয়াৰ আহাৰত ৰুটি, সেউজীয়া শাক-পাচলি
আৰু গ্ৰীণ চালাড খায়। সন্ধিয়াৰ জলপানত আলমণ্ড খাই ভাল পায় যদিও কেতিয়াবা আন স্বাস্থ্যকৰ
জলপানো খায়।
ছলমান খানৰ নিশাৰ আহাৰ-
সাধাৰণতে ছলমানে নিশা আহাৰত ২টা
কণী, মাছ বা কুকুৰা আৰু চূপ লয়। ইয়াৰ উপৰি ছলমানে ৱৰ্কআউটৰ আগতে বা পাছত ফল বা প্ৰটিন
শ্বেক খায়। ৱৰ্কআউটৰ পাছত শক্তিৰ বাবেও তেওঁ ওটছ বা প্ৰটিনযুক্ত গ্ৰহণ কৰি ভালপায়।
Leave A Comment