• এইবাৰ হলীউডত যাদু দেখুৱাব ছলমান খানে

    মনোৰঞ্জন
    এইবাৰ হলীউডত যাদু দেখুৱাব ছলমান খানে
    ডিজিটেল ডেস্ক: বলীউডৰ ছবিজগতৰ সমান্তৰালকৈ এইবাৰ হলীউডৰ ছবিটো দেখিবলৈ পোৱা যাব ছুপাৰষ্টাৰ ছলমান খানক। প্ৰায় ৪০ বছৰ বলীউডত অভিনয়ৰ যাদুৰে সকলোৰে মন মোহিত কৰাৰ পাছত এতিয়া হলীউডৰ ছবিতো দৰ্শকে দেখিবলৈ পাব অভিনেতাগৰাকীক। হলীউডৰ ছিকন্দৰ নামৰ ছবিখনত দেখিবলৈ পোৱা যাব অভিনেতাগৰাকীক।

    হলীউডত অভিনয় কৰিবলৈ লোৱা ছবিখনত ছলমান খানক খুব কম সময়ৰ বাবে দেখিবলৈ পোৱা যাব এজন গাড়ীচালকৰ চৰিত্ৰত। ইতিমধ্যে ছ’চিয়েল মিডিয়াত এই ছবিখনৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত, ছলমান খানক খাকী চালকৰ ইউনিফৰ্ম পৰিধান কৰা দেখা গৈছে।তেওঁক এখন অটো-ৰিক্সাৰ কাষত থিয় হৈ থকা দেখা গৈছে। 

    আনহাতে এই ছবিখনত ছলমানৰ লগতে অভিনয় কৰিছে সঞ্জয় দত্তয়ো।উল্লেখযোগ্য যে এ আৰ মুৰুগাডছৰ দ্বাৰা পৰিচালনা কৰা এই ছবিখনত ছলমান খান আৰু সঞ্জয় দত্তৰ লগতে দেখিবলৈ পোৱা যাব ৰশ্মিকা মান্দন্না, প্ৰতীক বব্বৰ, সত্যৰাজ আৰু শৰমন যোশীকো। ইফালে ছবিখনত ছলমানৰ চৰিত্ৰটোক কেন্দ্ৰ কৰি বহু প্ৰশ্ন উত্থাপিত হৈছে। 

    অগণন অনুৰাগীয়ে গাড়ীচালকৰ চৰিত্ৰত ছলমানে অভিনয় কৰাৰ বাবে আচৰিত হৈ পৰিছে। ইতিমধ্যে ছৌডি আৰবত এই ছবিখনৰ দৃশ্যগ্ৰহণ চলি আছে।
    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinesv388sv388slot gacorjudi baccarat onlineagen mix parlaysv388sabung ayam onlinelive casino onlinesv388agen live casinosv388sabung ayam onlinecasino onlinecasino onlinesabung ayamsitus judi baccaratsabung ayam onlineagen live casino onlineagen sabung ayam onlineINDOJAWA88slot gacor 777slot zeussv388agen roulette onlinesv388judi baccarat onlineslot thailandsv388live casino onlinesv388live casino onlinemix parlay sbobet casino online