comScore
  • মৃত্যুৰ আশংকা! বন্দুক বিচাৰি আৰক্ষী চকীত আবেদন ছলমান খানৰ

    মনোৰঞ্জন
    মৃত্যুৰ আশংকা! বন্দুক বিচাৰি আৰক্ষী চকীত আবেদন ছলমান খানৰ
    ডিজিটেল ডেস্কঃ মৃত্যুৰ ভাবুকি লাভ কৰাৰ এমাহৰ পাছতেই অভিনেতা ছলমান খানে মুম্বাইৰ আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰে। শুকুৰবাৰে বিয়লি আৰক্ষী আয়ুক্ত বিবেক পাংছালকাৰক সাক্ষাৎ কৰে বলীউডৰ ছুপাৰষ্টাৰগৰাকীয়ে।

    মৃত্যুৰ ভাবুকি পোৱাৰ পিছতে কিছু সাৱধানতা ল’বলৈ প্ৰস্তুত হৈছে ছলমান খান। নিজৰ প্ৰাণৰ প্ৰতি লক্ষ্য ৰাখি ভাইজানে বন্দুক ৰাখিব বিচাৰে বুলিও ইতিমধ্যে অৱগত কৰিছে। এইবিষয়ে তেওঁ আৰক্ষী আয়ুক্তক লিখিতভাৱেও অনুৰোধ জনায়। শুকুৰবাৰে বিয়লি ছলমান খানে মুম্বাইত আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰে। দক্ষিণ মুম্বাইত থকা নিজৰ কাৰ্যালয়লৈ যায় অভিনেতাজনে। এটা ব্যক্তিগত বন্দুক ৰখাৰ অনুমতি বিচাৰি আবেদন কৰে ছলমান খানে।

    মন কৰিবলগীয়া যে, জুন মাহত খোজকাঢ়ি গৈ থাকোঁতে পদপথত মৃত্যুৰ ভাবুকি পাইছিল ছলমান খানৰ পিতৃ ছেলিম খানে। ছলমান খানক হত্যাৰ ভাবুকি দিয়া হৈছিল। এই ঘটনা পোহৰলৈ অহাৰ পাছতে খান পৰিয়ালে বান্দ্ৰা থানাত এজাহাৰ দাখিল কৰে।