• আঙুলিত জিলিকিছে আঙঠি! বিয়া ঠিক হ’ল নেকি ছলমান খানৰ?

    মনোৰঞ্জন
    আঙুলিত জিলিকিছে আঙঠি! বিয়া ঠিক হ’ল নেকি ছলমান খানৰ?
    ডিজিটেল ডেস্কঃ আকৌ এবাৰ আবুধাবিত চলচ্চিত্ৰ তাৰকাৰ সমাৱেশ অনুষ্ঠিত হ’ব। আই আই এফ এ ২০২৩ য়েছ আইলেণ্ডত অনুষ্ঠিত হ’ব, যাৰ বাবে প্ৰি-মিট অনুষ্ঠিত কৰা হৈছিল। প্ৰি-মিটত উদ্যোগটোৰ বহু তাৰকাই অংশগ্ৰহণ কৰিছিল যদিও ছলমান খান আহি পোৱাৰ লগে লগে তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। অভিনেতাজনক দেখি অনুৰাগীসকল সুখী হৈ পৰে। সকলোৰে দৃষ্টি ছলমান খানৰ আঙঠি এটাৰ ওপৰত নিবদ্ধ হৈ ৰয়। 

    সেউজীয়া ৰঙৰ চাৰ্ট আৰু ধূসৰ ৰঙৰ পেণ্ট চুট পিন্ধি এই অনুষ্ঠানত উপস্থিত হৈছিল ছলমান খান, য’ত তেওঁক যথেষ্ট ধুনীয়া দেখা গৈছিল। ছলমান খানৰ এই লুকটো বৰ ডেচিং আছিল যদিও সকলোৰে চকু তেওঁৰ আঙঠিটোৰ ওপৰত নিবদ্ধ হৈ আছিল। অভিনেতাজনে মধ্যমা আঙুলিত কেতিয়াও দেখা নোপোৱা এটা আঙঠি পিন্ধিছিল। ইয়াৰ বিষয়ে ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ কথা-বতৰা চলি আছে।

    ছলমান খানৰ আঙঠিৰ সৈতে ফটোসমূহ ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু ব্যৱহাৰকাৰীসকলে বিভিন্ন ধৰণে মন্তব্য কৰিছে। কোনো কোনোৱে এইটোক ভাগ্যৰ ৰিং বুলি গণ্য কৰাৰ বিপৰীতে কিছুমানে এংগেজমেণ্টৰ ৰিং বুলি জল্পনা-কল্পনা কৰিছে। একাংশই কয় যে পিতৃ চেলিম খানে এই আঙঠিটো ছলমানক দিছে। ছলমান খানে এই আঙঠিটো কিয় পৰিধান কৰিছে তাৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছে অনুৰাগীসকল।

    ছলমান খানৰ ৱৰ্কফ্ৰন্টৰ কথা ক’বলৈ গ’লে তেওঁক দেখা যাব ‘টাইগাৰ-৩’ত। এই ছবিখনত ছলমান আৰু কেটৰিনাক আকৌ এবাৰ ডাঙৰ পৰ্দাত একেলগে দেখা যাব। অহা বছৰ দীপাৱলী উপলক্ষে ছবিখন ছবিগৃহত মুক্তি পাব। ইয়াৰ উপৰিও তেওঁক ‘কিছি কা ভাই কিছি কি জান’ ছবিতো দেখা যাব।