ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা ছলমান খানে কেইবছৰমানৰ পিছত পুনৰ ডাঙৰ পৰ্দালৈ উভতি আহিছে। 'ভাইজান'ৰ নতুন ছবি 'কিচি কা ভাই, কিচি কি জান' এই বছৰৰ ঈদত মুক্তি পাব। শ্বাহৰুখ খানে চাৰি বছৰৰ বিৰতিত পুনৰ ৰূপালী পৰ্দালৈ উভতি আহি 'পাঠান' ছবিখনৰ জড়িয়তে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে।
ছবি খনত ছলমান খানেও ভুমুকি মাৰিছে৷ খবৰ অনুসৰি ঈদ উপলক্ষে ভাইজানে অনুৰাগীসকলৰ বাবে আন এটা আশ্চৰ্য লৈ আহিছে। জানিব পৰা মতে ছলমানে 'কিচি কা ভাই কিচি কি জান' ছবিখনত গান গাব৷ ছবিখনৰ এলবামত 'নাইয়ো লাগদা' গানটোৰ আন এটা সংস্কৰণ আছে। ছলমানে নিজেই সেই গীতটো গাব বুলি জানিব পৰা গৈছে৷ । হিমেশ ৰেশমিয়াই গানটোৰ বাবে সংগীত ৰচনা কৰিছে।
অৱশ্যে, ছলমানে প্ৰথমবাৰৰ বাবে গান গোৱা নাই।
ইয়াৰ আগতে দৰ্শকে তেওঁক কেইবাখনো চলচ্চিত্ৰত এজন গায়কৰ চৰিত্ৰত দেখিছে। তেওঁ ২০১৪ চনত মুক্তি প্ৰাপ্ত 'কিক' চলচ্চিত্ৰখনত 'হেংঅ'ভাৰ' গানটো গাইছিল। পৰৱৰ্তী বছৰত ছলমানৰ কণ্ঠস্বৰ 'হিৰো' চলচ্চিত্ৰৰ টাইটেল ট্ৰেকত শুনা গৈছিল। ছবিখনত অৰমান মালিকৰ গানটোৰ লগতে ছলমানে গোৱা গানটোৰ সংস্কৰণো জনপ্ৰিয় হৈছিল। গায়িকা লতা মংগেশকাৰৰ মৃত্যুৰ পিছত অভিনেতাজনে কোকিলকণ্ঠীৰ এটা গানৰ কেইটামান কলি গাই তেওঁৰ অনুৰাগীসকলৰ বাবে ছ’চিয়েল মিডিয়াত দিছিল৷
অৱশ্যে নতিন ছবি খনৰ নিৰ্মাতাসকলে এই গানটোৰ বিষয়ে কোনো বিশেষ তথ্য দিবলৈ অনিচ্ছুক। ছলমানে ঈদৰ আগতে তেওঁৰ অনুৰাগীসকলক আচৰিত কৰিব বিচাৰিছে। গতিকে নিৰ্মাতাসকলে ছবিখনৰ মুক্তিৰ আগতে গানটো ৰাজহুৱা কৰাৰ পৰিকল্পনা কৰিছে।
Leave A Comment