• কোনেও আপোনাৰ বাবে একো নকৰে, নিজৰ জীৱনক নিজে গতি দিব লাগিবঃ ছাৰা আলী খান

    মনোৰঞ্জন
    কোনেও আপোনাৰ বাবে একো নকৰে, নিজৰ জীৱনক নিজে গতি দিব লাগিবঃ ছাৰা আলী খান
    ডিজিটেল ডেস্কঃ এগৰাকী ‘ছিংগল মাডাৰ’ৰ সৈতে জীয়াই থকাটোৱে মোৰ জীৱনটো গঢ় দিছে বুলি মন্তব্য কৰে বলীউড অভিনেত্ৰী ছাৰা আলী খানে। ছাৰাই কয় ‘‘মই সৰুতে উপলব্ধি কৰিছিলোঁ যে মই নিজে নিজৰ জীৱনৰ প্ৰৱৰ্তক হ’ব লাগিব, কেতিয়াও কাৰো ওপৰত নিৰ্ভৰ নকৰোঁ।’’ 

    এক সাক্ষাৎকাৰত ছাৰাই কয় যে ‘‘এগৰাকী ‘ছিংগল মাডাৰ’ৰ সৈতে ডাঙৰ-দীঘল হোৱাটোৱে মোৰ জীৱনত বৃহৎ ভূমিকা পালন কৰিছে।’’

    ছাৰাই কয়, "মই ভাবো ‘ছিংগল মাডাৰ’ৰ লগত জীয়াই থকাটোত মোৰ জীৱনত এক বৃহৎ ভূমিকা আছে। অতি কম বয়সতে মই বুজিলোঁ আপোনাৰ বাবে কোনেও একো নকৰে, এনে নহয় যে মই সহায় নাপাওঁ, মই পাওঁ, কিন্তু শেষত, আপুনি নিজে নিজৰ জীৱনৰ গতি দিব লাগিব আৰু প্ৰৱৰ্তক হ’ব লাগিব। যদি আপোনাৰ ভাগ্য খুব ভাল আৰু ঈশ্বৰে বিচাৰে তেন্তে নিজে নিজে জীৱনটোৱে গতি ল’ব পাৰে কিন্তু তেনেকুৱা হ’ব বুলি অপেক্ষা কৰি বহি থাকিব নোৱাৰি৷"

    উল্লেখ্য যে ২০০৪ চনত ছাৰাৰ পিতৃ-মাতৃ ছৈফ আলী খান আৰু অমৃতা সিঙৰ বিচ্ছেদ হৈছিল। সেই সময়ত ছাৰাৰ বয়স আছিল ৯ বছৰ। ছাৰাৰ এজন কনিষ্ঠ ভাতৃ ইব্ৰাহিম আলী খানো আছে।

    ‘কেদাৰনাথ’  ছবিৰে ছাৰাৰ বলীউডত প্ৰৱেশ

    যদি আমি ছাৰাৰ ৱৰ্ক ফ্ৰণ্টলৈ চাওঁ তেন্তে ‘কেদাৰনাথ’ ছবিখনৰ জৰিয়তে তেওঁ বলীউডত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত তেওঁক ‘চিম্বা’ ছবিত দেখা গৈছিল। ছাৰাই ‘লাভ আজ কাল’, ‘কুলি নং ১’, ‘আটৰংগী ৰে’, ‘গেছলাইট’, ‘জাৰা হাটকে জাৰা বচকে’ আদি ছবি কৰিছে।

    এই ছবিবোৰত বৰ্তমান দেখা যাব

    এতিয়া তেওঁৰ হাতত চাৰিখন ছবি আছে। ১৫ মাৰ্চত মুক্তি পাব ‘মাৰ্ডাৰ মুবাৰক’। অনুৰাগীসকলে ছবিখনৰ ট্ৰেইলাৰটো বহুত ভাল পাইছে। নেটফ্লিক্সত ষ্ট্ৰীম কৰা হ’ব ছবিখন। ইয়াৰ পিছত তেওঁক ‘এ ৱটন মেৰে ৱটন’ত উষা মেহতাৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। মেট্ৰ’...ইন দিনৌ’ আৰু জগন শক্তিৰ এতিয়ালৈকে নাম স্থিৰ নোহোৱা এখন ছবিতো দেখা পোৱা যাব ছাৰা আলী খানক।