• বিশ্বৰ এশখন শ্ৰেষ্ঠ চিনেমাৰ তালিকাত একমাত্ৰ ভাৰতীয় ছৱি হিচাপে স্থান লাভ ‘পথেৰ পাঁচালী’ৰ! এখন প্ৰসিদ্ধ ব্ৰিটিছ চলচ্চিত্ৰ আলোচনীয়ে কৰিছে এই সমীক্ষা

    মনোৰঞ্জন
    বিশ্বৰ এশখন শ্ৰেষ্ঠ চিনেমাৰ তালিকাত একমাত্ৰ ভাৰতীয় ছৱি হিচাপে স্থান লাভ ‘পথেৰ পাঁচালী’ৰ! এখন প্ৰসিদ্ধ ব্ৰিটিছ চলচ্চিত্ৰ আলোচনীয়ে কৰিছে এই সমীক্ষা
    ডিজিটেল ডেস্কঃ পথেৰ পাঁচালী। সত্যজিৎ ৰায়ৰ এই কালজয়ী ছৱিখনে আন এক স্বীকৃতি লাভ কৰিছে। প্ৰসিদ্ধ ব্ৰিটিছ চলচ্চিত্ৰ আলোচনী ‘চাইট এণ্ড চাউণ্ড’ৰ সমীক্ষা অনুসৰি বিশ্বৰ অনত্যম শ্ৰেষ্ঠ ছৱি হিচাপে পৰগণিত হৈছে পথেৰ পাঁচালীয়ে।

    আলোচনীখনৰ সমীক্ষাটোত পথেৰ পাঁচালীয়ে একমাত্ৰ ভাৰতীয় ছৱি হিচাপে স্থান লাভ কৰিছে। সমীক্ষাটোত বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ চিনেমা হিচাপে ৩৫ সংখ্যক স্থান লাভ কৰিছে সত্যজিৎ ৰায়ৰ অমৰ সৃষ্টি ‘পথেৰ পাঁচালী’য়ে। 

    উল্লেখ্য যে ১৯৫৫ চনত মুক্তি লাভ কৰা পথেৰ পাঁচালীৰ আজিও সমাদৰ অনন্য। ছৱিখনক স্বাধীনোত্তৰ ভাৰতৰ দলিল বুলি ক’ব পাৰি। ছৱিখনৰ চৰিত্ৰসমূহ আজিও চিৰসেউজ হৈ আছে। কেৱল ভাৰতীয় দৰ্শকেই নহয়, বিদেশৰ দৰ্শককো পথেৰ পাঁচালীয়ে চুই যায়।

    আনহাতে, ‘চাইট এণ্ড চাউণ্ড’ আলোচনীখন নব্বৈ বছৰ ধৰি প্ৰকাশ হৈ আছে। ব্ৰিটিছ ফিল্ম ইনষ্টিউটে প্ৰকাশ কৰি অহা আলোচনীখনত বিশ্বৰ চিনেমাজগতৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়।

    শেহতীয়াকৈও বিশ্বৰ ১০০ খন শ্ৰেষ্ঠ চিনেমাৰ সমীক্ষা প্ৰকাশ কৰিছে আলোচনীখনে। সমীক্ষাটোত অংশ লৈছে ডেৰ হাজাৰৰো বেছি চলচ্চিত্ৰ সমালোচক, দৰ্শক আৰু চিনেমাৰ স’তে জড়িত বিশিষ্ট ব্যক্তিসকলে।

    ১০০ খন বিশ্বৰ শ্ৰেষ্ঠ চিনেমাৰ শীৰ্ষত আছে ফৰাচী পৰিচালক চাণ্টাল আকেৰমানৰ ছৱি ‘জেন ডিয়েলমেন ২৩ কোৱাই দু কমাৰ্চ ১০৮০ ব্ৰাক্সেলছ’ নামৰ ছৱিখন। দ্বিতীয় স্থানত আছে আলফ্ৰেড হিচককৰ বহুচৰ্চিত ‘ভাৰ্টিগো’। তৃতীয় স্থানত আছে জাপানৰ প্ৰসিদ্ধ পৰিচালক ইয়াচুজিৰো অজুৰ ‘টকিঅ’ ষ্ট’ৰী’।