comScore
  • শ্বাহৰুখ খানৰ ঘৰৰ সন্মুখত বিৰ দি বাট নোপোৱা অৱস্থা! অৱশেষত নিশা অনুৰাগীক দৰ্শন দিলে কিং খানে, ক’লে-"মই ক্ষমাপ্ৰাৰ্থী "

    মনোৰঞ্জন
    শ্বাহৰুখ খানৰ ঘৰৰ সন্মুখত বিৰ দি বাট নোপোৱা অৱস্থা!  অৱশেষত নিশা অনুৰাগীক দৰ্শন দিলে কিং খানে, ক’লে-"মই ক্ষমাপ্ৰাৰ্থী "
    ডিজিটেল ডেস্কঃ বিতৰ্ক, বিদ্ৰোহৰ মাজতে 'পাঠান'ৰ মুক্তিৰ দিনটোৰ কাউণ্ট ডাউন আৰম্ভ হৈ গৈছে৷  মাজত প্ৰায়  ৪০ ঘণ্টা। তাৰ পিছতে  'পাঠান' ছবিঘৰলৈ  আহিব৷   'পাঠান'ৰ  মুক্তিৰ দিন চমু চাপি অহাৰ লগে লগে শ্বাহৰুখ খানৰ মুম্বাইস্থিত বাসভৱনৰ সন্মুখত হাজাৰ লোকে ঘণ্টাৰ পিছত ঘণ্টা ধৰি অপেক্ষা কৰিছে৷ সকলোৰে মাত্ৰ এটাই আশা মৰমৰ অভিনেতাজনে এবাৰ দৰ্শন দিব৷ 

    প্ৰতি বছৰে  ঈদৰ সময়ত কিং খানে তেওঁৰ ঘৰৰ ছাদৰ পৰা অনুৰাগীক দৰ্শন দিয়ে৷ এইবাৰ শ্বাহৰুখ খানে যেন অবতৰত অনুৰাগীৰ দৰ্শন দিলে৷  এছআৰকেই  আজিকালি টুইটাৰত অনুৰাগীসকলৰ সৈতে প্ৰায়ে 'আস্ক মি এনিথিং' অনুষ্ঠানত ভাগ লোৱা দেখা গৈছে। এইবাৰ অনুৰাগীসকলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁ পুনৰ ঘৰৰ ছাদৰ পৰাই  অনুৰাগীসকলক দৰ্শন দিলে। শ্বাহৰুখৰ অনুৰাগীসকলে মান্নাটৰ বাহিৰত একত্ৰিত হৈছিল।দেওবাৰে নিশা অনুৰাগীসকলক আচৰিত কৰি শ্বাহৰুখ খান ঘৰৰ ছাদলৈ ওলাই আহিল আৰু হাত জোকাৰি অনুৰাগীসকলক অভিবাদন জনালে৷ 




    সেই সময়ত তেওঁৰ মুখত আছিল সেই চিৰ পৰিচিত  হাঁহিটো। শ্বাহৰুখক চাবলৈ ভিৰ উপচি পৰিছিল৷ এছ.আৰ.কে.-য়ে তেওঁৰ সামাজিক মাধ্যমৰ পৃষ্ঠাত অনুৰাগীসকলক বহু সময় ধৰি ৰখাই থোৱাৰ বাবে ক্ষমা বিচাৰিছে। উল্লেখ্য চাৰি বছৰৰ পিছত ৰূপালী  পৰ্দালৈ উভতি আহিছে কিং খান৷জানিব পৰা মতে প্ৰথম দিনাই 'পাঠান' চাবলৈ এতিয়ালৈকে ২ লাখ টিকট বিক্ৰী  হৈছে। সংবাদ সংস্থাৰ বাতৰি অনুসৰি  ইতিমধ্যে প্ৰায় ৩৫ কোটি টকাৰ টিকট বিক্ৰী হৈছে।