comScore
  • বলীউডৰ শীৰ্ষ ১০ ছবিৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ দিশে ‘পাঠান’, ভংগ কৰিছে ইটোৰ পিছত সিটো অভিলেখ

    মনোৰঞ্জন
    বলীউডৰ শীৰ্ষ ১০ ছবিৰ তালিকাত  অন্তৰ্ভুক্ত হোৱাৰ দিশে ‘পাঠান’, ভংগ কৰিছে ইটোৰ পিছত সিটো অভিলেখ
    ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ পাঠান ছবি খনে ভংগ কৰি গৈছে ইটোৰ পিছত সিটোকৈ অভিলেখ৷ অগ্ৰিম বুকিঙৰ ক্ষেত্ৰত পাঠানে পূৰ্বৰ  সকলো অভিলেখ ভংগ কৰাৰ পিছত এইবাৰ বলীউডৰ শীৰ্ষ উপাৰ্জনকাৰী  ১০ খন ছবিৰ ভিতৰত এখন হ’বলৈ ওলাইছে৷ 

    লক্ষ্যণীয় কথাটো হ’ল ছদিনৰ ভিতৰত পাঠান ছবি খনে যি হাৰত উপাৰ্জন কৰিছে সেয়া হয়তো আৰু কিছুদিনলৈ অব্যাহত থাকিব৷ বলীউডত এতিয়ালৈকে শাৰ্ষ উপাৰ্জনকাৰী ছবিৰ ভিতৰত দংগল ছবি খন প্ৰথম স্থানত আছে৷ ভাৰতত দংগলে উপাৰ্জন কৰা ধনৰ পৰিমাণ হৈছে ৩৮৭ কোটি টকা৷ এই ক্ষেত্ৰত পাঠানে দেশ তথা বিদেশত  ছটা দিনত উপাৰ্জন কৰা ধনৰ পৰিমাণ ৪০০ কোটি টকাৰ ওপৰত৷ অৱশ্যে এই ধনৰ পৰিমাণৰ ভিতৰত পাঠানৰ হিন্দী সংস্কৰণৰ লগতে আন দিটা ভাৰতীয় ভাষাৰ সংস্কৰণৰ উপাৰ্জনো অব্যাহত আছে৷ 

    কেৱল হিন্দী সংস্কৰণৰ ক্ষেত্ৰত ছটা দিনত  পাঠানৰ উপাৰ্জন ২২০ কোটি টকা বুলি তথ্য পোৱা গৈছে৷ সেই ক্ষেত্ৰত পাঠানে হিন্দী সংস্কৰণেৰে অতি শীঘ্ৰে ৩৮০ কোটিৰ পূৰ্বৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে৷  

    উল্লেখ্য ২০১৩ চনত মুক্তি পোৱা বলীউডৰ  ‘ধূম ৩’ ছবি খনৰ  উপাৰ্জন আছিল প্ৰায়  ২৮৪ কোটি টকা৷ অজয় ​​দেৱগনৰ ‘তনহাজী’ছবি খনে প্ৰায় ২৮০ কোটি টকা সংগ্ৰহ কৰি শীৰ্ষ ঠবিৰ তালিকাৰ দশম স্থানত আছিল৷ চাৰি বছৰৰ পিছত বলীউডলৈ প্ৰ্যাৱৰ্তন কৰিয়েই শ্বাহৰুখ খানৰ ছবি খনে অভিলেখ গঢ়াৰ কথাই বাদশ্বাহৰ অনুৰাগীসকলক আনন্দিত কৰি তোলা পৰিলক্ষিত হৈছে৷