comScore
  • আজি শ্বাহৰুখ খানৰ জন্মদিন! আপুনি জানেনে কোটি কোটি অনুৰাগী থকা শ্বাহৰুখৰ নাই কোনো বন্ধু

    মনোৰঞ্জন
    আজি শ্বাহৰুখ খানৰ জন্মদিন! আপুনি জানেনে কোটি কোটি অনুৰাগী থকা শ্বাহৰুখৰ নাই কোনো বন্ধু
    ডিজিটেল ডেস্কঃ আজি বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন। ৫৮ বছৰত ভৰি দিলে শ্বাহৰুখ খানে। শ্বাহৰুখৰ ফেন ফ'ল'ৱাৰ আশ্বৰ্যজনক। কোটি কোটি লোক শ্বাহৰুখ খানৰ 'দীৱানা'। অভিনয়ৰ লগতে সংবাদ মাধ্যমৰ সাক্ষাৎকাৰ বা ৰিয়েলিটি শ্ব’ৰ সময়তো শ্বাহৰুখে নিজৰ হাস্যৰসময়ী শৈলীৰে অনুৰাগীৰ হৃদয় জয় কৰে। কোটি কোটি অনুৰাগীয়ে আৱৰি থকাৰ পাছতো এবাৰ এক সাক্ষাৎকাৰত শ্বাহৰুখে কৈছিল যে তেওঁ বন্ধুত্ব গঢ়িবলৈ ভয় কৰে।

    শ্বাহৰুখে এই সন্দৰ্ভত কয় যে-''মোৰ কোনো বন্ধু নাই। মই বন্ধুত্ব গঢ়িবলৈ ভয় কৰো কাৰণ মই এটাচমেণ্টক বৰ ভয় কৰো। মই জানো যে প্ৰতিটো এটাচমেণ্টে হয় মোৰ হৃদয় ভাঙিব নহয় মোক এৰি যাব। মই ভালপোৱা মানুহে মোক এৰি গ'লে মই বহুত কান্দো, মই মানুহ হেৰুৱাবলৈ বহুত ভয় কৰো। কম বয়সতে মাক-দেউতাকক হেৰুৱাৰ পাছত এই ভয়ে মোৰ মনত থিতাপি ল'লে। মই মানুহক হেৰুৱাবলৈ বেয়া পাওঁ...মই বন্ধুক হেৰুৱাবলৈ বেয়া পাওঁ। বন্ধুত্ব কেনেকৈ গঢ়িব লাগে সেয়া মই নাজানো। কেতিয়াবা বন্ধুত্ব গঢ়িলেও সেয়া মই ৰাখিব নাজানো আৰু ৰাখিব জানিলেও কেতিয়াবা তেওঁলোক লগত থাকিব নিবিচাৰে আৰু কেতিয়াবা তেওঁলোক লগত থাকিব বিচাৰিলেও জীৱনে সেই বন্ধুসকলক কাঢ়ি লৈ যায় আৰু এইবোৰ কাৰণতেই মই বন্ধুত্ব গঢ়ি তোলা বা কাৰোবাৰ সৈতে এটাচমেণ্ট গঢ়ি তোলাৰ ক্ষেত্ৰত ভয় খাওঁ...সেইবাবেই মোৰ কোনো বন্ধু নাই।'' 

    উল্লেখ্য যে শ্বাহৰুখ খানৰ জীৱনত কোনো বন্ধু নাথাকিলেও কোটি কোটি অনুৰাগীৰ মৰম, আদৰ, সন্মান, শ্ৰদ্ধাৰে তেওঁৰ জীৱন ভৰুণ হৈ আছে। 





    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam online