comScore
  • 'ফাডাৰ্ছ ডে'ত কেকেক সুঁৱৰি আৱেগিক কন্যা তামাৰা! পুনৰবাৰ কেকেৰ স্মৃতিত কাতৰ হ'ল অনুৰাগী

    মনোৰঞ্জন
    'ফাডাৰ্ছ ডে'ত কেকেক সুঁৱৰি আৱেগিক কন্যা তামাৰা! পুনৰবাৰ কেকেৰ স্মৃতিত কাতৰ হ'ল অনুৰাগী
    ডিজিটেল ডেস্কঃ জুন মাহৰ তৃতীয় দেওবাৰে সমগ্ৰ বিশ্বজুৰি পিতৃ দিৱস বা ফাডাৰ্ছ ডে পালন কৰা হয়। ২০২২ বৰ্ষৰ পিতৃ দিৱস ১৯ জুনত উদযাপিত হয়। ফাডাৰ্ছ ডেত প্ৰয়াত কণ্ঠশিল্পী কেকে সুঁৱৰি আৱেগিক হল কন্যা তামাৰা। তামাৰাই পিতৃক স্মৰণ কৰি এটা পোষ্ট শ্বেয়াৰ কৰে। ইনষ্টাগ্ৰামত তামাৰাই ভাতৃ নকুলকে ধৰি শৈশৱৰ কেইবাখনো থ্ৰ’বেক ফটো শ্বেয়াৰ কৰি এটা দীঘলীয়া টোকা লিখিছিল। এই টোকা পঢ়ি কেকেৰ অনুৰাগীসকল পুনৰবাৰ আৱেগিক হৈ উঠে।
     
    পোষ্টটো শ্বেয়াৰ কৰি তামাৰাই লিখিছে, ‘‘মোৰ প্ৰতিটো ছেকেণ্ডতে তুমি আছা দেউতা। তোমাৰ অবিহনে জীৱনটো অন্ধকাৰ। ঘৰলৈ আহি আমাক সাবটি ধৰা আটাইতকৈ মৰমৰ দেউতা আছিলা তুমি। তোমাক বহুত মিছ কৰো। তোমাৰ লগত একেলগে খাবলৈ বহুত মিছ কৰো। আমাৰ হাঁহিবোৰলৈ বৰকৈ মনত পৰে। আমি পাকঘৰত লুকাই লুকাই স্নেকছ খোৱা কথাবোৰ বহুত মিছ কৰো। তোমাক মোৰ সংগীত আৰু সৰু সৰু ভইচ নোট আইডিয়াবোৰ দেখুৱাবলৈ মিছ কৰো। মই তোমাক বহুত মিছ কৰো দেউতা। তোমাৰ হাতখন ধৰি ৰখাটো বহুত মিছ কৰো।’’ 


    তামাৰাই লগতে লিখে যে, ‘‘তুমি আমাক বহুত নিৰাপদ, সুখী, মৰমীয়াল আৰু ভাগ্যৱান অনুভৱ কৰাইছিলা। তুমি এই পৃথিৱীৰ প্ৰয়োজন আছিলা আৰু তুমি যেতিয়া নোহোৱা হৈ গ’লা সেই কথা একেবাৰেই বাস্তৱ যেন নালাগে৷ কিন্তু তোমাৰ নিঃস্বাৰ্থ প্ৰেমে অজানিতে আমাক চম্ভালিবলৈ প্ৰস্তুত কৰিছে। তোমাৰ মৰম আমাৰ শক্তি। মই, নকুল আৰু মায়ে তোমাক গৌৰৱান্বিত কৰিবলৈ প্ৰতিদিনে কাম কৰিম আৰু তোমাৰ শক্তি বিয়পাই দিম। আমি শক্তিশালী হ’ম আৰু তোমাৰ দৰেই ইজনে সিজনৰ যত্ন ল’ম৷ গোটেই বিশ্বব্ৰহ্মাণ্ডৰ শ্ৰেষ্ঠতম পিতৃক পিতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰতিদিনে তোমাক মিছ কৰো আৰু এই কথাও জানো যে তুমি আমাৰ লগতে আছা।’’

    তামাৰাৰ এই আৱেগিক পষ্টে সকলোৰে হৃদয় সেমেকাই তুলিছে। পুনৰবাৰ কেকেৰ স্মৃতিত কাতৰ হ'ল অনুৰাগীসকল।